ভাৰতবৰ্ষত নিষিদ্ধ হ’ল জনপ্ৰিয় গেমিং এপ PUBG সহ ১১৮টা চাইনীজ এপ

News18 Assam | News18-Assam
Updated:September 2, 2020, 6:07 PM IST
ভাৰতবৰ্ষত নিষিদ্ধ হ’ল জনপ্ৰিয় গেমিং এপ PUBG সহ ১১৮টা চাইনীজ এপ
আকৌ এবাৰ চীনৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক

আকৌ এবাৰ চীনৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক

  • Share this:
আকৌ এবাৰ চীনৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক। ভাৰতবৰ্ষত নিষিদ্ধ ঘোষণা জনপ্ৰিয় গেমিং এপ PUBG সহ মুঠ ১১৮টা চাইনিজ এপ। ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ ফালৰ পৰা লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ইয়াৰ পূৰ্বে জনপ্ৰিয় টিকটক এপ নিষিদ্ধ কৰি ভাৰত চৰকাৰে দিছিল চমক।



জনপ্ৰিয় গেমিং এপ PUBGৰ লগতে ফেচ ইউ,  চেয়াৰ চেভ, ফটো এডিটিং এপ কাট-কাট,  লোডো ৱৰ্ল্ড, ৰাইজ অৱ কিংডম, স্মাৰ্ট এপল’ক,  মেছেজ ল’ক, ডোৱেল স্পেচ, এইচ ডি কেমেৰা চেলফী, ফটো গেলাৰী এণ্ড এলবাম, মিউজিক প্লেয়াৰ-বেচ বোষ্টাৰ, লাইভ ইউ মিটকে আদি কৰি সৰ্বমুঠ ১১৮টা চাইনীজ এপ ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছে।



ইয়াৰ পূৰ্বেও ভাৰত চৰকাৰে প্ৰায় ১০৬টা চাইনীজ এপ ভাৰতবৰ্ষত নিষিদ্ধ কৰিছিল।



উল্লেখযোগ্য যে, PUBG বন্ধ কৰিবলৈ বহু সময়ত অভিভাৱকসকলে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছিল। PUBG খেলাক লৈ বহু যুৱক-যুৱতীয়ে মাজে মাজে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰো উদাহৰণ আছে দেশত।



ভাৰতবৰ্ষত আছে PUBGৰ এখন বিশাল বজাৰ।  অনলাইন PUBG খেলৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয় দেশৰ বিভিন্ন প্ৰান্তত। টিকটকৰ পিছত PUBG নিষিদ্ধ কৰি ভাৰতবৰ্ষই এতিয়া চীনক ভালকৈ এসেকা দিলে বুলি মত ব্যক্ত কৰিছে বহুতে।
Published by: Himangshu Bhuyan
First published: September 2, 2020, 5:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading