PUBG খেলিব নিদিয়াৰ বাবে কিশোৰৰ ভয়ংকৰ কাণ্ড, নিজেই ৰচিলে নিজৰ অপহৰণৰ নাটক, তাৰ পিছত...

আই টি আইৰ কোচিং কৰা থকা কিশোৰটিয়ে ১১ অক্টোবৰত বন্ধুৰ ঘৰলৈ যাম বুলি পিতৃ–মাতৃক কৈ ওলাই গৈছিল।

News18-Assam
Updated:October 15, 2019, 5:18 PM IST
PUBG খেলিব নিদিয়াৰ বাবে কিশোৰৰ ভয়ংকৰ কাণ্ড, নিজেই ৰচিলে নিজৰ অপহৰণৰ নাটক, তাৰ পিছত...
আই টি আইৰ কোচিং কৰা থকা কিশোৰটিয়ে ১১ অক্টোবৰত বন্ধুৰ ঘৰলৈ যাম বুলি পিতৃ–মাতৃক কৈ ওলাই গৈছিল।
News18-Assam
Updated: October 15, 2019, 5:18 PM IST
জনপ্ৰিয় অনলাইন গেম PUBGৰ প্ৰতি আসক্ত হৈ এটা ১৬ বছৰীয়া কিশোৰে সংঘটিত কৰিলে এক চাঞ্চল্যকৰ কাণ্ড। অপহৰণৰ ভুৱা নাটক ৰচনা কৰি কিশোৰটিয়ে পিতৃ–মাতৃক দাবী কৰিলে ৩ লাখ টকাৰ মুক্তিপণ। প্ৰায় সময়তে PUBG খেলি থকাৰ বাবে পিতৃ–মাতৃয়ে ম’বাইল কাঢ়ি নিয়াৰ ফলতে শিশুটিয়ে এই কাণ্ড সংঘটিত কৰে বুলি জনাইছে আৰক্ষীয়ে। ঘটনাটো হাইদৰাবাদৰ।

আৰক্ষীৰ মতে, আই টি আইৰ কোচিং কৰা থকা কিশোৰটিয়ে ১১ অক্টোবৰত বন্ধুৰ ঘৰলৈ যাম বুলি পিতৃ–মাতৃক কৈ ওলাই গৈছিল। তাৰ পিছৰে পৰা আত্মগোপন কৰিছিল কিশোৰটিয়ে। ঘটনা সন্দৰ্ভত পিতৃ–মাতৃয়ে থানাত এজাহাৰ দাখিল কৰে। গোপনে কিশোৰটিয়ে ৰাওনা হৈছিল মুম্বাইলৈ।

যিখন বাছেৰে গৈ আছিল, ছলাপুৰত বাছখন ৰখোৱাত বাছৰ পৰা নামি যায় কিশোৰটি। তাৰ পিছত আন এজন লোকৰ ম’বাইলৰ পৰা পিতৃ–মাতৃলৈ ফোন লগায়। নিজৰ কণ্ঠস্বৰ সলনি কৰি কিশোৰটিয়ে ফোনত কয় – ‘আপোনালোকৰ পুত্ৰক অপহৰণ কৰা হৈছে।’ আৰু মুক্তিৰ বাবে ৩ লাখ টকা দিব লাগিব বুলি কয় কিশোৰটিয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ১২ অক্টোবৰত কিশোৰটিয়ে হাইদৰাবাদলৈ উভতি আহে আৰু অন্ধ্ৰ প্ৰদেশৰ গুংটুৰ জিলাৰ বাবে অনলাইন টিকট বুক কৰে য’ত তেওঁৰ ককাক–আইতাক থাকে। ৰায়দুৰ্গম থানাৰ বিষয়া এছ ৰবিন্দৰে কয় যে কিশোৰটিৰ মাতৃলৈ টিকট বুকিঙৰ বাৰ্তা পঠিওৱা হৈছে। আৰক্ষীয়ে কিশোৰটিৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি