পুত্ৰ নৰেন্দ্ৰ মোদীক দুবাৰ প্ৰধানমন্ত্ৰী আৰু ৩ বাৰ মুখ্যমন্ত্ৰীৰূপে দেখা গৌৰৱান্বিত মাতৃ

দেশৰ প্ৰদানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰলৈ শপতগ্ৰহণ কৰিলে। তেওঁৰ কেবিনেটৰ বহুকেইজন সদস্যই শপতগ্ৰহণ কৰিলে আৰু ইয়াৰ লগত জড়িত ফটো ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে

Dulu Medhi | news18assam
Updated:May 30, 2019, 9:12 PM IST
পুত্ৰ নৰেন্দ্ৰ মোদীক দুবাৰ প্ৰধানমন্ত্ৰী আৰু ৩ বাৰ মুখ্যমন্ত্ৰীৰূপে দেখা গৌৰৱান্বিত মাতৃ
দেশৰ প্ৰদানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰলৈ শপতগ্ৰহণ কৰিলে। তেওঁৰ কেবিনেটৰ বহুকেইজন সদস্যই শপতগ্ৰহণ কৰিলে আৰু ইয়াৰ লগত জড়িত ফটো ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে
Dulu Medhi | news18assam
Updated: May 30, 2019, 9:12 PM IST
নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সন্ধিয়া দিল্লীস্থিত ৰাষ্ট্ৰপতি ভবনত প্ৰধানমন্ত্ৰী পদৰ কাৰণে শপতগ্ৰহণ কৰিলে। লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মন্ত্ৰীমণ্ডলৰ কেইবাগৰাকী সদস্যকো শপতবাক্য পাঠ কৰোৱালে। এই সকলোবোৰৰ মাজতে শপত গ্ৰহণ সমাৰোহৰ পোনপটীয়া সম্প্ৰচাৰৰ মাজতে টেলিভিছনত নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেনৰ এখন ফটো দেখুওৱা হ’ল আৰু ছচিয়েল মিডিয়াত এইখন ফটো ভাইৰেল হৈ পৰিছে।

ছচিয়েল মিডিয়াত হীৰাবেনৰ সৈতে পুত্ৰ নৰেন্দ্ৰ মোদীৰ বহুকেইখন ছবি পোষ্ট কৰা হৈছে। ইয়াৰ পূৰ্বে টিভিত নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠান প্ৰত্যক্ষ কৰা হীৰাবেনৰ ফটো প্ৰকাশ হৈছিল আৰু ছচিয়েল মিডিয়াত হীৰাবেনক দেশৰে নহয় বৰঞ্চ আটাইতকৈ ভাগ্যবান তথা গৌৰৱান্বিত মাতৃ বুলি কোৱা হৈছে, যিগৰাকীয়ে নিজৰ পুত্ৰক ৩ বাৰ মুখ্যমন্ত্ৰীৰূপে আৰু ২ বাৰ প্ৰধানমন্ত্ৰীৰূপে দেখা পাইছে।

 




উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত আৰু শপত গ্ৰহণ সমাৰোহৰ পূৰ্বে দেওবাৰে মোদী গৃহ চহৰত উপস্থিত হৈ মাতৃৰ আশীৰ্বাদ লৈছিল। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে দিল্লীত উপস্থিত থাকিব পৰা নাছিল বাবে তেও শপত গ্ৰহণৰ পোনপটীয়া সম্প্ৰচাৰণ টেলিভিছনত চোৱা দেখা গৈছে।



এইখন ফটো প্ৰকাশ পোৱাৰ পিছত ছচিয়েল মিডিয়াত নৰেন্দ্ৰ মোদীৰ কপালত মাতৃ হীৰাবেনে তিলক লগোৱা এখন ফটো শ্বেয়াৰ কৰা হৈছে। য’ত কেপছনৰূপে লিখা আছে ৰাজতিলক।
আৰু চাওক পৰৱৰ্তী বাতৰি