নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পশ্চিম বংগত উত্তাল প্ৰতিবাদ

News18 Assam | News18-Assam
Updated:December 14, 2019, 2:58 PM IST
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পশ্চিম বংগত উত্তাল প্ৰতিবাদ
Source-Google

শনিবাৰৰ পৰা প্ৰতিবাদকাৰীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অৱৰোধ কৰি ৰাখিছে ৰাজপথ, ৰে’লপথ

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে অসম তথা উত্তৰ–পূৰ্বাঞ্চলত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰাল ভাবে চুবুৰীয়া পশ্চিম বংগতো তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। ৰাজ্যখনৰ শনিবাৰৰ পৰা বিভিন্ন প্ৰান্তত ৰাজপথ আৰু ৰে’লপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে। মুৰ্ছিদাবাদ, হাওৰা,  উত্তৰ ২৪ পাৰগানাচ জিলাত অধিক উত্তপ্ত হৈ পৰিছে CAAৰ বিৰোধী আন্দোলন।



প্ৰতিবাদৰ ফলত উত্তৰ আৰু দক্ষিণ বেংগলৰ মাজত সম্পূৰ্ণ সংযোগ বিচ্ছিন্ন হৈ পৰিছে। মুৰ্ছিদাবাদত ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। হাওৰা জিলাত ৬ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদলৈ লক্ষ্য ৰাখি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলা হৈছে।  পুৱা ৬ বজাৰ পৰাই ৰাজ্যখনত আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading