মুখ্যপৃষ্ঠা »খবৰ »দেশ »Protest In Hornbill Festival : নিৰাপত্তাৰক্ষীৰ গুলিত নাগা যুৱকৰ মৃত্যুৰ প্ৰতিবাদ হৰ্ণবিল ফেষ্টিভেলত, ছয়টা জনগোষ্ঠীয়ে ক'লা পতাকা উৰুৱাই বৰ্জন কৰিলে সাংস্কৃতিক কাৰ্য্যসূচী

Protest In Hornbill Festival : নিৰাপত্তাৰক্ষীৰ গুলিত নাগা যুৱকৰ মৃত্যুৰ প্ৰতিবাদ হৰ্ণবিল ফেষ্টিভেলত, ছয়টা জনগোষ্ঠীয়ে ক'লা পতাকা উৰুৱাই বৰ্জন কৰিলে সাংস্কৃতিক কাৰ্য্যসূচী

Protest In Hornbill Festival : কন্যাক, চাং, ফোম, চাংটাম, ইমচোংগাৰ আৰু কিমিংগাং জনগোষ্ঠীয়ে নাগা হেৰিটেজ ভিলেজত উৰুৱাইছে ক'লা পতাকা।

Protest In Hornbill Festival : কন্যাক, চাং, ফোম, চাংটাম, ইমচোংগাৰ আৰু কিমিংগাং জনগোষ্ঠীয়ে নাগা হেৰিটেজ ভিলেজত উৰুৱাইছে ক'লা পতাকা।

Protest In Hornbill Festival : কন্যাক, চাং, ফোম, চাংটাম, ইমচোংগাৰ আৰু কিমিংগাং জনগোষ্ঠীয়ে নাগা হেৰিটেজ ভিলেজত উৰুৱাইছে ক'লা পতাকা।

  • Share this:
নাগালেণ্ডৰ মন জিলাত নিৰিহ নাগা যুৱকৰ মৃত্যুত শোকাকুল পৰিবেশ বিৰাজ কৰিছে হৰ্ণবিল ফেষ্টিভেলস্থলীতো। ছয়টা নগা জনগোষ্ঠীয়ে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিছে হৰ্ণবিল ফেষ্টিভেলত। ক'লা পতাকা উৰুৱাইছে, পোষ্টাৰিং কৰিছে আৰু বৰ্জন কৰিছে সাংস্কৃতিক কাৰ্য্যসূচী।

নাগালেণ্ডৰ ৰাজধানী ক'হিমাৰ কিছামা ভিলেজত চলি আছে হৰ্ণবিল ফেষ্টিভেল। হৰ্ণবিলৰ আনন্দ উৎসৱৰ মাজতে দেওবাৰে কিছামাত শোকাকুল পৰিবেশ বিৰাজ কৰে। নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ গুলিত নিহত হৈছে নিৰিহ নাগা যুৱক। নিৰাপত্তাৰক্ষীৰ গুলিত নাগা যুৱকৰ মৃত্যুত প্ৰভাৱ পৰিছে কিছামা ভিলেজতো। ছয়টা নাগা জনগোষ্ঠীয়ে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিছে। কন্যাক, চাং, ফোম, চাংটাম, ইমচোংগাৰ আৰু কিমিংগাং জনগোষ্ঠীয়ে নাগা হেৰিটেজ ভিলেজত উৰুৱাইছে ক'লা পতাকা, প্ৰতিবাদী পোষ্টাৰিং কৰাৰ লগতে সম্পূৰ্ণ ৰূপে বন্ধ ৰাখিছে মুৰুং।



নাগালেণ্ডৰ মন জিলাত নাগা যুৱকৰ মৃত্যুত দুখত ভাঙি পৰা ছয়টা জনগোষ্ঠীয়ে দেওবাৰৰ সাংস্কৃতিক কাৰ্য্যসূচীও বৰ্জন কৰিছে। নিৰিহ যুৱকৰ মৃত্যুৰ ন্যায়ৰ দাবী, AFSPA নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ কৰাৰ দাবীৰে কৰিছে পোষ্কটাৰিং। নাগালেণ্ডৰ পৰা ভাৰতীয় সেনা প্ৰত্যাহাৰ কৰক বুলি লিখি হৰ্ণবিল ফেষ্টিভেল স্থলীত পোষ্টাৰিং কৰে ক্ষোভিত নগা লোকসকলে। নাগালেণ্ডবাসীয়ে অসম ৰাইফলছৰ বৰ্বৰতাক দূৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে।ত পোষ্টাৰিং কৰে ক্ষোভিত নাগা লোক সকলে। নাগালেণ্ডবাসীয়ে অসম ৰাইফলছৰ বৰ্বৰতাক দূৰ্ভাগ্যজনক আখ্যা দিয়াল লগতে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি