মুখ্যপৃষ্ঠা »খবৰ »দেশ »Chandigarh University Video: সচাকৈ ভাইৰেল হৈছিল নেকি চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ স্নানাগাৰৰ ভিডিঅ’! তদন্তত পোহৰলৈ আহিছে কি কি তথ্য

Chandigarh University Video: সচাকৈ ভাইৰেল হৈছিল নেকি চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ স্নানাগাৰৰ ভিডিঅ’! তদন্তত পোহৰলৈ আহিছে কি কি তথ্য

প্ৰতীকী ছবি

Chandigarh University Leaked Video:অভিযোগ মতে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসৰ কেইবাগৰাকীও ছাত্ৰীৰ স্নান কৰি থকা ভিডিঅ’ লিক হোৱা বুলি উৰাবাতৰি বিয়পাৰ পিছতে হেনো কেইবাগৰাকীও ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল। তাৰ পিছতে উত্তপ্ত হৈ পৰে বিশ্ববিদ্যালয় চৌহদ।

  • Share this:
পঞ্জাৱৰ মোহালীৰ চণ্ডীগড় বিশ্ববিদ্যালয় (Chandigarh University)ৰ কেইবাগৰাকীও ছাত্ৰীৰ কিছুমান আপত্তিজনক ভিডিঅ’ লিক হোৱা বুলি “উৰাবাতৰি” বিয়পাক লৈ ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়। দেওবাৰে মাজনিশা বিশ্ববিদ্যালয়ত প্ৰতিবাদৰ পিছতে মুখ্যমন্ত্ৰী ভগৱন্ত মানে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে।

অভিযোগ মতে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসৰ কেইবাগৰাকীও ছাত্ৰীৰ স্নান কৰি থকা ভিডিঅ’ লিক হোৱা বুলি উৰাবাতৰি বিয়পাৰ পিছতে হেনো কেইবাগৰাকীও ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল। তাৰ পিছতে উত্তপ্ত হৈ পৰে বিশ্ববিদ্যালয় চৌহদ।

এই ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে ছাত্ৰীৰ ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ বাতৰি নাকচ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডাঃ অৰবিন্দৰ সিং কাঙে কয় যে, “প্ৰাথমিক পৰ্যায়ত আমি তদন্ত কৰি পোৱা মতে আন ছাত্ৰ-ছাত্ৰীৰ ভিডিঅ’ বনোৱা হোৱা নাই।”

তেওঁ লগতে কয়, “বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সম্পূৰ্ণ আৰু ন্যায্য তদন্তৰ বাবে এই কাণ্ডৰ এজাহাৰ দাখিল কৰিছে। কিছুমান ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা আত্মহত্যাৰ চেষ্টা আৰু ৬০ গৰাকী ছাত্ৰীৰ এমএমএছ সম্পৰ্কীয় উৰাবাতৰি সত্য নহয়।”

মোহালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেক শীল ছোনীয়ে কয় যে প্ৰাথমিক তদন্তৰ সময়ত ধৰা পৰিছে যে এগৰাকী ছাত্ৰীয়ে হিমাচল প্ৰদেশৰ এজন যুৱকৰ সৈতে নিজৰ ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰিছিল। তেওঁ কয় যে এই যুৱকজনো আৰক্ষীৰ সন্দেহত আছে  আৰু ছাত্ৰীগৰাকীক ইতিমধ্যে আটক কৰা হৈছে।

কোনো ধৰণৰ উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ আহ্বান জনাই SSP ছোনীয়ে কয় যে কোনো ছাত্ৰীৰ আত্মহত্যাৰ চেষ্টা চলোৱাৰ কোনো গোচৰ নাই। তেওঁ লগতে কয় যে ঘটনাৰ সৈতে জড়িত কোনো শিক্ষাৰ্থীৰ মৃত্যুও হোৱা নাই। SSPগৰাকীয়ে এই বিষয়ত ফৰেনছিক প্ৰমাণ সংগ্ৰহ কৰি থকা বুলিও জানিবলৈ দিয়ে।

পঞ্জাৱ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ মনিষা গুলাতীয়েও বিশ্ববিদ্যালয় চৌহদত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। গুলাতীয়ে কয়, 'অভিভাৱকৰ উদ্বেগ বুজি পাইছো আৰু তেওঁলোকক আশ্বস্ত কৰিব বিচাৰিছো যে এই ঘটনা আৰক্ষীয়ে তদন্ত কৰি আছে। ভিডিঅ’টো নিৰ্মাণ কৰা মহিলাগৰাকীয়ে কিয় এনে কৰিলে সেয়া গভীৰ তদন্তৰ বিষয়। তাই আন ছোৱালীৰ ভিডিঅ’ শ্বুট কৰিছিল নে নাই সেয়া তদন্ত কৰি থকা হৈছে।”

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে কয় যে ঘটনাৰ সৈতে জড়িতসকলে কঠোৰ শাস্তি লাভ কৰিব।

চণ্ডীগড় বিশ্ববিদ্যালয়ে জনোৱা মতে, 'আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে কোনো ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা কৰা নাই বা মৃত্যুমুখত পৰা নাই। আনহাতে অভিযুক্ত ছাত্ৰীগৰাকীয়ে নিজৰ প্ৰেমিকৰ সৈতে নিজৰ ভিডিঅ’ আৰু ছবি শ্বেয়াৰ কৰিছে আৰু আন কোনো সামগ্ৰী পোৱা নাই। FIR দাখিল কৰা হৈছে। আৰক্ষীয়ে ইয়াৰ তদন্ত কৰি আছে। মই ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক কোনো ধৰণৰ উৰাবাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনাইছো।’- বিশ্ববিদ্যালয়খনৰ সমৰ্থক অধ্যাপক আৰ এছ বাৱাই কয়।

শেহতীয়া খবৰ অনুসৰি হিমাচল প্ৰদেশৰ যুবকজনক ধৃত ছাত্ৰীগৰাকীয়ে নিজৰ ভিডিঅ' শ্বেয়াৰ কৰিছিল সেই যুবকজনক আটক কৰা হৈছে।

শেহতীয়া বাতৰি