CAAৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ, দিল্লীৰ ৰাজঘাটত আজি মানৱ শৃংখল

News18 Assam | News18-Assam
Updated:January 30, 2020, 9:30 AM IST
CAAৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ, দিল্লীৰ ৰাজঘাটত আজি মানৱ শৃংখল
জন একতা জন অধিকাৰ আন্দোলনৰ নেতৃত্বত প্ৰায় ১০৯টা সংগঠনে শান্তি বনৰ পৰা ৰাজঘাটলৈ উলিয়াব সমদল।

জন একতা জন অধিকাৰ আন্দোলনৰ নেতৃত্বত প্ৰায় ১০৯টা সংগঠনে শান্তি বনৰ পৰা ৰাজঘাটলৈ উলিয়াব সমদল।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। আজি ৰাজধানী দিল্লীস্থিত জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধি ৰাজঘাটত এই আইনখনৰ বিৰুদ্ধে হ’ব মানৱ শৃংখল। ইয়াৰ লগতে জামিয়াৰ পৰা ৰাজঘাটলৈ উলিওৱা হ’ব সমদল। অৱশ্যে দিল্লী আৰক্ষীৰ ফালৰ পৰা এই কাৰ্যসূচীৰ বাবে দিয়া হোৱা নাই অনুমতি।

জানিব পৰা মতে, জন একতা জন অধিকাৰ আন্দোলনৰ নেতৃত্বত প্ৰায় ১০৯টা সংগঠনে শান্তি বনৰ পৰা ৰাজঘাটলৈ উলিয়াব সমদল। হনুমান মন্দিৰ, লালকিল্লা, জামা মছজিদ আৰু দিল্লী গে’ট হৈ উলিওৱা হ’ব এই সমদল।

এই প্ৰতিবাদী কাৰ্যসূচীৰ লগতে ৬০টা ছাত্ৰ সংগঠনে ৰাজঘাটলৈ সৃষ্টি কৰিব মানৱ শৃংখল। এই শৃংখল সন্ধিয়া ৫.১০ বজাৰ পৰা ৫.১৭ বজালৈ হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি