শৰণাৰ্থীক আশ্ৰয় দিব নোৱাৰিব বুলি NRC ত কোৱা নাই, নতুনকৈ NRC ৰ ঘোষণা অমিত শ্বাহৰ
News18-Assam Updated:November 20, 2019, 3:16 PM IST

সমগ্ৰ দেশৰ লগতে অসমতো আকৌ হ’ব NRC
সমগ্ৰ দেশৰ লগতে অসমতো আকৌ হ’ব NRC
- News18 Assam
- Last Updated: November 20, 2019, 3:16 PM IST
সংসদৰ শীতকালীন অধিৱেশনৰ তৃতীয় দিনা গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। অমিত শ্বাহে কয় যে, অতি শীঘ্ৰে সমগ্ৰ দেশতে আৰম্ভ হ’ব NRCৰ প্ৰক্ৰিয়া। লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কোনো ধৰ্মৰ আধাৰত নহয় NRC প্ৰক্ৰিয়া। গতিকে কোনো লোকেই এই বিষয়ত ভয় কৰাৰ প্ৰয়োজন নাই। সকলো লোককে সামৰি ল’ব NRCএ।’
অমিত শ্বাহে অসমৰ প্ৰসংগ টানি আনি লগতে কয় যে, যদিও অসমত NRC প্ৰক্ৰিয়া সমাপ্ত হ’ল তথাপিও সমগ্ৰ দেশৰ লগতে অসমতো আকৌ হ’ব NRC ৰ কাম। সেইদৰে শৰণাৰ্থীক আশ্ৰয় দিব নোৱাৰিব বুলি NRC ত কোৱা নাই বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।