প্ৰিয়ংকা গান্ধীয়ে ল’ব ৰাহুল গান্ধীৰ স্থান, হ’ব কংগ্ৰেছৰ নতুন ৰাষ্ট্ৰীয় অধ্যক্ষ!

কোন হ’ব কংগ্ৰেছৰ নতুন অধ্যক্ষ? ইয়াকে লৈ এতিয়াও অব্যাহত আছে জল্পনা-কল্পনা

News18-Assam
Updated:July 29, 2019, 5:55 PM IST
প্ৰিয়ংকা গান্ধীয়ে ল’ব ৰাহুল গান্ধীৰ স্থান, হ’ব কংগ্ৰেছৰ নতুন ৰাষ্ট্ৰীয় অধ্যক্ষ!
কোন হ’ব কংগ্ৰেছৰ নতুন অধ্যক্ষ? ইয়াকে লৈ এতিয়াও অব্যাহত আছে জল্পনা-কল্পনা
News18-Assam
Updated: July 29, 2019, 5:55 PM IST
আকৌ গান্ধী পৰিয়ালৰ সদস্যই হ’ব নেকি কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি! কোন হ’ব কংগ্ৰেছৰ নতুন অধ্যক্ষ ইয়াকে লৈ এতিয়াও অব্যাহত আছে জল্পনা-কল্পনা।যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰছৰ দলে শোচনীয় পৰাজয়বৰণ কৰাৰ পিছত দলৰ পৰাজয়ৰ দায়িত্ব সম্পূৰ্ণৰূপে নিজে কান্ধপাতি লৈ  ৰাহুল গান্ধীয়ে সভাপতি পদ ত্যাগ কৰাৰ পাছতে এতিয়া নতুন অধ্যক্ষৰ সন্ধানত আছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব।



কংগ্ৰেছ দলৰ পৰৱৰ্তী সভাপতি সন্দৰ্ভত মন্তব্য কৰিছে দলৰ জ্যেষ্ঠ নেতা,  সাংসদ শশী থাৰুৰে। দেওবাৰে শশী থাৰুৰে কংগ্ৰেছ দলৰ পৰৱৰ্তী অধ্যক্ষ পদৰ বাবে প্ৰিয়ংকা গান্ধীকেই  বৰ্তমান দলৰ সবাতোকৈ যোগ্য প্ৰাৰ্থী হিচাপে অভিহিত কৰে। শশী থাৰুৰে কয় যে, প্ৰিয়ংকা গান্ধী দলৰ এগৰাকী অন্যতম জনপ্ৰিয় নেত্ৰী। তেঁও সভাপতিৰ দায়িত্ব ল’লে কংগ্ৰেছ দল শক্তিশালী হোৱাৰ লগতে দলৰ কৰ্মীসকলো উৎসাহী হৈ পৰিব। গতিকে দলৰ পৰৱৰ্তী সভাপতি প্ৰিয়ংকা গান্ধীয়েই হ’ব লাগে।
আৰু চাওক পৰৱৰ্তী বাতৰি