• Home
  • »
  • News
  • »
  • nation
  • »
  • Priyanka Gandhi Vadra : দলিত বস্তিত ঝাড়ু মাৰিলে প্ৰিয়ংকা গান্ধীয়ে, যোগী আদিত্যনাথক দলিত বিৰোধী বুলি আক্ৰমণ

Priyanka Gandhi Vadra : দলিত বস্তিত ঝাড়ু মাৰিলে প্ৰিয়ংকা গান্ধীয়ে, যোগী আদিত্যনাথক দলিত বিৰোধী বুলি আক্ৰমণ

প্ৰিয়ংকা গান্ধী

প্ৰিয়ংকা গান্ধী

যোগী আদিত্যনাথক দলিত বিৰোধী বুলি আক্ৰমণ কৰি প্ৰিয়ংকা গান্ধীয়ে লক্ষ্ণৌৰ লৱকুশ নগৰৰ দলিত এলেকাত ঝাড়ু মাৰি প্ৰতিবাদ সাব্যস্ত কৰে।

  • Share this:
সমাগত উত্তৰপ্ৰদেশ (Uttar Pradesh)ৰ বিধানসভা নিৰ্বাচন। বিহাৰত বিপৰ্যয়ৰ পিছত কংগ্ৰেছৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছে উত্তৰপ্ৰদেশ। সেয়ে উত্তৰপ্ৰদেশত এইবাৰ কংগ্ৰেছক উদ্ধাৰৰ দায়িত্ব লৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰা (Priyanka Gandhi Vadra)ই। শেহতীয়াকৈ উত্তৰ প্ৰদেশত কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ বাবে প্ৰিয়ংকা গান্ধীয়ে বহু কৰ্মশালাৰ আয়োজন কৰাৰ লগতে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক তীব্ৰ সমালোচনা কৰাও দেখা গৈছে। কৃষক হত্যাৰ বিষয়তো প্ৰিয়ংকা গান্ধীয়ে চৰকাৰক কঠোৰ সমালোচনা কৰি সীতাপুৰৰ পি এ চি গেষ্ট হাউছত এৰাতিৰ বাবে গৃহবন্দী হৈ থাকিব লগাও হৈছিল। ইয়াৰ পিছতে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (CM Yogi Adityanath) প্ৰিয়ংকা গান্ধীয়ে সীতাপুৰ গেষ্ট হাউছৰ মজিয়া লেতেৰা কৰা বুলিও কটাক্ষ কৰিছিল।

যোগীৰ এই বাক্যবাণৰ প্ৰত্যুত্তৰ দি প্ৰিয়ংকা গান্ধীয়ে শুকুৰবাৰে লক্ষ্ণৌৰ লৱকুশ নগৰৰ দলিত জনবসতিপ্ৰধান এটা গলিত হাতত ঝাড়ু লৈ উপস্থিত হয়। গলিটোৰ সৰু পথ সমূহত ঝাড়ু মাৰি প্ৰিয়ংকাই কয়, "যোগী আদিত্যনাথে তেঁওৰ মন্তব্যৰ জৰিয়তে দলিত বিৰোধী মনোভাৱৰ পৰিচয় দিছে।"

উল্লেখযোগ্য যে, যোগী আদিত্যনাথে প্ৰিয়ংকা গান্ধীক কটাক্ষ কৰি এটা ব্যক্তিগত টিভি চেনেলৰ সাক্ষাৎকাৰত কৈছিল, " এই লোকসকলে মানুহৰ মাজত নেতিবাচক মনোভাৱ বিয়পোৱাৰ বাহিৰে আন একো কৰিব নোৱাৰে। ক'ৰোণাৰ সময়ত এওলোক শুই আছিল কিন্তু লখিমপুৰৰ কৃষক কাণ্ডত এওলোকে ৰাজনীতি কৰিবলৈ টোপনিৰ পৰা সাঁৰ পাইছে।"

আনহাতে, যোগীয়ে তেঁওৰ মন্তব্যত প্ৰিয়ংকা গান্ধীক মজিয়া লেতেৰা কৰা বুলিও কটাক্ষ কৰিছিল। যোগীৰ এই মন্তব্যক দলিত বিৰোধী আখ্যা দি প্ৰিয়ংকা গান্ধীয়ে লৱকুশ নগৰৰ দলিত ৰাইজক কয়, "মজিয়া লেতেৰা কৰা কথা কৈ যোগীয়ে কেৱল মোক অপমান কৰা নাই সমগ্ৰ দলিত জাতিক অপমান কৰিছে। সেয়ে মই আপোনালোকৰ বাবে হাতত ঝাড়ু তুলি লৈছোঁ।"  কংগ্ৰেছ কৰ্মী সকলে বাল্মিকী মন্দিৰো চাফা কৰিব বুলি প্ৰিয়ংকা গান্ধীয়ে টুইটাৰত জানিবলৈ দিছে।
Published by:Manjumoni Borah
First published: