• Home
  • »
  • News
  • »
  • nation
  • »
  • Priyanka Gandhi : ঘৰত ঝাড়ু মাৰিছে প্ৰিয়ংকা গান্ধীয়ে, দেখিছেনে কেতিয়াবা এইদৰে আইৰণ লেডীৰ নাতিনীক

Priyanka Gandhi : ঘৰত ঝাড়ু মাৰিছে প্ৰিয়ংকা গান্ধীয়ে, দেখিছেনে কেতিয়াবা এইদৰে আইৰণ লেডীৰ নাতিনীক

প্ৰিয়ংকা গান্ধী

প্ৰিয়ংকা গান্ধী

উত্তৰ প্ৰদেশৰ লখিমপুৰলৈ যোৱাত আৰক্ষীয়ে প্ৰিয়ংকা গান্ধীক বাধা প্ৰদান কৰি এটা গেষ্ট হাউছত আটক কৰি থয়। আৰক্ষীৰ এই কাৰ্যৰ বিৰুদ্ধেই প্ৰতিবাদ স্বৰূপে গেষ্ট হাউছৰ কোঠাত ঝাড়ু মাৰিছে প্ৰিয়ংকাই।

  • Share this:
ৰাজনীতিত কিমান সফল বা কিমান বিফল সেইয়া পিছলৈ থৈ এটা কথা মানিবই লাগিব যে প্ৰিয়ংকা গান্ধী (Priyanaka Gandhi)ৰ এক আকৰ্ষণীয় ব্যক্তিত্ব আছে। দেশত প্ৰিয়ংকা গান্ধীৰ জনপ্ৰিয়তাও কম নহয়। পিছে এইগৰাকী প্ৰিয়ংকা গান্ধীয়ে এতিয়া ঝাড়ু মাৰি আছে যোগী আদিত্য নাথৰ শাসনত থকা উত্তৰ প্ৰদেশৰ এটা ঘৰত (Priyanaka Gandhi cleans room of guest house in Uttar Pradesh)। কাহানিও নেদেখা এটা দৃশ্য।

পিছে এইয়া দৈনন্দিন অভ্যাস নহয়। এইয়া হৈছে প্ৰিয়ংকা গান্ধীৰ প্ৰতিবাদৰ ঝাড়ু। ঘৰৰ কোঠা এটাত ঝাড়ু মাৰি প্ৰিয়ংকাই কৰিছে প্ৰতিবাদ। কাৰণ মুখ্যমন্ত্ৰী আদিত্যনাথৰ আৰক্ষীয়ে লখিমপুৰলৈ যাব নিদিলে প্ৰিয়ংকা গান্ধীক।

উত্তৰ প্ৰদেশৰ লখিমপুৰত  (Lakhimpur Kheri Incident) এজন বিজেপি নেতাৰ পুত্ৰই প্ৰতিবাদী শ্ৰমিকৰ ওপৰেৰে গা়ড়ী চলাই নিয়াত  মৃত্যু হৈছিল ৯ জন কৃষকৰ। তাৰ পিছতে কৃষকৰ প্ৰতিবাদত উত্তাল হৈ পৰে লখিমপুৰ এলেকা। এই নৃশংস হত্যাকাণ্ডৰ পিছতে কৃষকৰ কাষত থিয় হ'বলৈ লখিমপুৰলৈ যাত্ৰা কৰিছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। কিন্তু আৰক্ষীয়ে প্ৰিয়ংকা গান্ধীক বাধা প্ৰদান কৰি আটক কৰি এটা গেষ্ট হাউছত আটক কৰি থয়। আৰক্ষীৰ এই কাৰ্যৰ বিৰুদ্ধেই প্ৰতিবাদ স্বৰূপে গেষ্ট হাউছৰ কোঠাত ঝাড়ু মাৰিছে প্ৰিয়ংকাই। চাওক ভিডিঅ'টো।



কেৱল কোঠাত ঝাড়ু মৰাই নহয়, তাৰ পিছত অনশন কাৰ্যসূচীও আৰম্ভ কৰে প্ৰিয়ংকা গান্ধীয়ে।

লখিমপুৰ খেৰীৰ ঘটনাৰ খবৰ পোৱাৰ পিছতে দেওবাৰে নিশাই প্ৰিয়ংকা গান্ধী দিল্লীৰ পৰা বিমানেৰে লক্ষ্ণৌত উপস্থিত হৈছিল। প্ৰথমতে সোমবাৰে পুৱা লখিমপুৰ ভ্ৰমণ কৰি নিহত কৃষকসকলৰ পৰিয়ালক লগ কৰাৰ পৰিকল্পনা আছিল৷ কিন্তু প্ৰিয়ংকাই আৰক্ষীয়ে তেওঁক বাধা দিব পৰাৰ ভয়ত মাজনিশা কংগ্ৰেছ নেত্ৰী শীলা কৌলৰ ঘৰ লখিমপুৰলৈ ৰাওনা হৈছিল৷ কিন্তু আৰক্ষীয়ে তেওঁক মাজভাগত ৰখাবলৈ চেষ্টা কৰিছিল ৷ কিন্তু কংগ্ৰেছ নেত্ৰী গৰাকীয়ে নিজৰ গাড়ী সলনি কৰি আৰক্ষীক অতিক্ৰম কৰি আগবাঢ়ি গৈছিল ৷ তাৰ পিছতো আৰক্ষীয়ে বাধা প্ৰদান কৰাত প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছ সাংসদ দীপক হুডাই আৰক্ষীৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত হয়।
Published by:Manjumoni Borah
First published: