নিৰ্বাচন নেখেলাৰ পৰা আৰম্ভ কৰি মোদীৰ সাক্ষাৎকাৰলৈকে প্ৰিয়ংকা গান্ধীয়ে দিলে প্ৰতিটো প্ৰশ্নৰ উত্তৰ

মই আচৰিত হৈছো, দেশৰ ইমানবোৰ সমস্যাৰ মাজত আমি আলোচনা কৰি আছো আম কেনেকৈ খাব লাগে: প্ৰিয়ংকা গান্ধী

news18assam
Updated:April 28, 2019, 10:15 AM IST
নিৰ্বাচন নেখেলাৰ পৰা আৰম্ভ কৰি মোদীৰ সাক্ষাৎকাৰলৈকে প্ৰিয়ংকা গান্ধীয়ে দিলে প্ৰতিটো প্ৰশ্নৰ উত্তৰ
মই আচৰিত হৈছো, দেশৰ ইমানবোৰ সমস্যাৰ মাজত আমি আলোচনা কৰি আছো আম কেনেকৈ খাব লাগে: প্ৰিয়ংকা গান্ধী
news18assam
Updated: April 28, 2019, 10:15 AM IST
নিউজ18ৰ সৈতে এক এক্সক্লুছিভ সাক্ষাৎকাৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে বাৰানসীৰ পৰা প্ৰতিদ্বন্দিতা নকৰাৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰলৈকে প্ৰতিটো প্ৰশ্নৰ উত্তৰ মুকলিকৈ দিলে।

লোকসভা নিৰ্বাচন ২০১৯ৰ বাবে ভাতৃ তথা কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক যেতিয়া প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিবৰ বাবে ভগ্নী প্ৰিয়ংকা গান্ধীৰ প্ৰয়োজন হ’ল তেতিয়া প্ৰিয়ংকা উত্তৰ প্ৰদেশত দলৰ বাঘজৰী চম্ভালিবৰ কাৰণে ৰাজনীতিত নামি পৰিল। বাৰানসীৰ পৰা প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচন খেলিব বুলিও যথেষ্ট চৰ্চা হ’ল, অৱশ্যে অৱশেষত তেওঁ নিৰ্বাচনত ননমাৰ সিদ্ধান্তই গ্ৰহণ কৰিলে। কংগ্ৰেছ নেত্ৰীগৰাকীৰ সৈতে নিউজ18ৰ এক্সক্লুছিভ বাৰ্তালাপত বাৰানসীৰ পৰা প্ৰাথিত্ব প্ৰদান নকৰাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎকাৰলৈকে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে।




প্ৰশ্নঃআপুনি বাৰানসীৰ পৰা নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত কিয় গ্ৰহণ কৰিলে?

উত্তৰঃবাৰানসীৰ পৰা নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত সামূহিক নেতৃত্বই লৈছিল। ইয়াত মোৰ দায়িত্ব বহুত বেছি। বহুকেইজন প্ৰাৰ্থীয়ে বিচাৰিছিল যে মই তেওঁলোকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব লাগে, মই তেওঁলোকক নিৰাশ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো।



প্ৰশ্নঃআপুনি অক্ষয় কুমাৰৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ চালেনে?

উত্তৰঃকিছু অংশ চাইছো, সেই আমৰ অংশটো দেখা পাইছো। মই আচৰিত হৈছো, যেতিয়া দেশৰ যুৱকসকলৰ ওচৰত চাকৰি–বাকৰি নোহোৱা হৈছে, কৃষক প্ৰতাৰিত হৈছে, মহিলাসকলৰ ইমান সমস্যা! দেশৰ ইমানবোৰ সমস্যাৰ মাজত আমি আলোচনা কৰি আছো আম কেনেকৈ খাব লাগে।

প্ৰশ্নঃ লোকসভাৰ ৩০০ৰো অধিক আসনত ইতিমধ্যে ভোটিং হৈ গৈছে, আপোনাৰ অনুমান কি?

উত্তৰঃমোৰ অনুমান, বিজেপিয়ে ডাঙৰ লোকচানৰ মুখামুখি হ’বলৈ গৈ আছে। ৩০০খন আসনত কংগ্ৰেছ আগত আৰু বিজেপি পিছত থাকিব।

প্ৰশ্নঃ আপুনি বহুবাৰ ইচ্ছা প্ৰকাশ কৰিছে যে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব লাগে, এই নিৰ্বাচনৰ পিছত আপোনাৰ এনেকুৱা লাগিছে নে কি যে ৰাহুল প্ৰধানমন্ত্ৰী হ’ব পাৰিব?

উত্তৰঃ মই এই কথা কেতিয়াও কোৱা নাই যে মই মোৰ ভাতৃৰ কাৰণে আনন্দ বিচাৰিছো। মই মাত্ৰ তেওঁৰ সফলতা বিচাৰিছো আৰু বিচাৰিছো যে তেওঁ যি কাম কৰে যাতে সফল হয়। পদৰ কোনো লালসা না মোৰ মনত আছে না তেওঁৰ মনত।


উত্তৰ প্ৰদেশত কংগ্ৰেছৰ প্ৰভাৰী প্ৰিয়ংকা গান্ধীয়ে শণিবাৰে কংগ্ৰেছ প্ৰত্যাশী অন্নু টেণ্ডনৰ সমৰ্থনত উন্নাওত ৰ’ড শ্ব’ কৰিছিল। ইয়াৰ পিছতে বাৰাবাংকীৰ দেৱা শ্বৰীফ দৰগাহত চাদৰ দি দোৱা বিচাৰে। ইয়াতে স্থানীয় লোকক সাক্ষাৎ কৰি প্ৰিয়ংকা গান্ধীয়ে কয় ঈশ্বৰ একেজনেই। ইয়াৰ পিছতে প্ৰিয়ংকাৰ ৰেলী দেৱা শ্বৰীফ মাজাৰৰ পৰা আগলৈ যায়।

আৰু চাওক পৰৱৰ্তী বাতৰি