নিজৰ পোছাকক লৈ হোৱা বিতৰ্কক লৈ মুখ খুলিলে প্ৰিয়ংকা চোপ্ৰাই, ট্ৰ’ল কৰাসকলক দিলে প্ৰত্যুত্তৰ

News18 Assam | News18-Assam
Updated:February 2, 2020, 11:42 AM IST
নিজৰ পোছাকক লৈ হোৱা বিতৰ্কক লৈ মুখ খুলিলে প্ৰিয়ংকা চোপ্ৰাই, ট্ৰ’ল কৰাসকলক দিলে প্ৰত্যুত্তৰ
প্ৰিয়ংকাই কয় যে মই তেতিয়াহে দৰ্জাৰ বাহিৰলৈ ওলাও, যেতিয়া পোছাকক লৈ নিজকে সুৰক্ষিত অনুভৱ কৰো।

প্ৰিয়ংকাই কয় যে মই তেতিয়াহে দৰ্জাৰ বাহিৰলৈ ওলাও, যেতিয়া পোছাকক লৈ নিজকে সুৰক্ষিত অনুভৱ কৰো।

  • Share this:
শেহতীয়াকৈ গ্ৰেমী এৱাৰ্ডছ ২০২০ৰ অনুষ্ঠানত পৰিধান কৰা পোছাকক লৈ বিতৰ্কৰ মাজত সোমাই পৰিছিল বলীউদৰ ‘দেশী গাৰ্ল’ প্ৰিয়ংকা চোপ্ৰা। প্ৰিয়ংকাৰ পোছাকক লৈ বহু লোকে ট্ৰ’ল কৰিছিল ছচিয়েল মিডিয়াত। এই ঘটনাক লৈ প্ৰিয়ংকাৰ মাতৃয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতে এইবাৰ মুখ খুলিছে খোদ প্ৰিয়ংকাই।

শেহতীয়াকৈ এখন আলোচনীৰ সৈতে কথা–বাৰ্তাত প্ৰিয়ংকাই যি পোছাকক লৈ ছচিয়েল মিডিয়াত ইমান চৰ্চা হৈছে, সেই পোছাকত ইমান সহজ কেনেকৈ হৈছিল তাক লৈ মন্তব্য কৰে। প্ৰিয়ংকাই কয় – যেতিয়া কোনো ব্ৰেণ্ডে মোৰ বাবে পোছাক প্ৰস্তুত কৰে, তেতিয়া তেওঁলোকে এই কথাটোত গুৰুত্ব দিয়ে যে পোছাকযোৰ মোৰ শৰীৰত ফিট হওক। বহু লোকৰ মনত প্ৰশ্নৰ উদয় হৈছে যে এয়া কেনেকৈ হ’ল। এনেকুৱা পোছাক পিন্ধাৰ সময়ত মই কেতিয়াও অসহজ বোধ নকৰো।



প্ৰিয়ংকাই কয় যে মই তেতিয়াহে দৰ্জাৰ বাহিৰলৈ ওলাও, যেতিয়া পোছাকক লৈ নিজকে সুৰক্ষিত অনুভৱ কৰো। কোনো এজন লোকে যেতিয়া ক’ৰবালৈ যায়, তেতিয়া তেওঁ যি পোছাক পৰিধান কৰে, তাৰ ফটো এজনে আনজনৰ সৈতে শ্বেয়াৰ কৰে তেওঁ কি মন্তব্য কৰে সেয়া জানিবলৈ। প্ৰিয়ংকাই কয় যে এতিয়া মোৰ এই কথাক লৈ কোনো দুখ নাই যে মই কি পিন্ধিছিলো, এয়া কেৱল মনোৰঞ্জন আছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি