শিৱসেনাত যোগদান কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰিয়ংকা চতুৰ্বেদীৰ, কংগ্ৰেছৰ বিৰুদ্ধে গুণ্ডাক প্ৰশ্ৰয় দিয়াৰ অভিযোগ

মথুৰাৰ পৰা কংগ্ৰেছে টিকট নিদিয়াৰ কাৰণেই দল এৰাৰ বাতৰিক অস্বীকাৰ প্ৰিয়ংকা চতুৰ্বেদীৰ। দলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি পদত্যাগ কৰাৰ কেই মুহুৰ্তমানৰ ভিতৰতে শিৱসেনাত যোগদান।

news18assam
Updated:April 19, 2019, 5:39 PM IST
শিৱসেনাত যোগদান কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰিয়ংকা চতুৰ্বেদীৰ, কংগ্ৰেছৰ বিৰুদ্ধে গুণ্ডাক প্ৰশ্ৰয় দিয়াৰ অভিযোগ
মথুৰাৰ পৰা কংগ্ৰেছে টিকট নিদিয়াৰ কাৰণেই দল এৰাৰ বাতৰিক অস্বীকাৰ প্ৰিয়ংকা চতুৰ্বেদীৰ। দলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি পদত্যাগ কৰাৰ কেই মুহুৰ্তমানৰ ভিতৰতে শিৱসেনাত যোগদান।
news18assam
Updated: April 19, 2019, 5:39 PM IST

কংগ্ৰেছ এৰি শিৱ সেনাত যোগদান কংগ্ৰেছৰ ৰাষ্ট্ৰীয় প্ৰৱক্তা প্ৰিয়ংকা চতুৰ্বেদীৰ। ইয়াৰ পূৰ্বে দলৰ হাইকামাণ্ডৰ বিৰুদ্ধে একাংশ গুণ্ডা প্ৰকৃতিৰ লোকক প্ৰশ্ৰয় দিয়াৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত মুকলি অভিযোগ কৰিছিল প্ৰিয়ংকাই। কেইমাহমান পূৰ্বে মথুৰালৈ যাওঁতে দলৰ কেইজনমান ব্যক্তিৰ অভব্য আচৰণৰ সন্মুখীন হৈ অভিযোগ দিয়াৰ পিছতো ফলাফল নোলোৱাত ক্ষুব্ধ হৈ পৰিছিল নেত্ৰীগৰাকী।




শিৱসেনাত যোগদান কৰাৰ পিছতে দলৰ মুৰব্বী উদ্ধৱ ঠাকৰেৰ সৈতে এক যুটীয়া সংবাদমেলত প্ৰিয়ংকাই কয় কংগ্ৰেছৰ এই কাৰ্যই তেওঁক আঘাত দিলে আৰু লগতে মথুৰাৰ পৰা টিকট নোপোৱাৰ প্ৰসংগক লৈ অসন্তুষ্টিৰ কথা তেওঁ নস্যাৎ কৰে। বুধবাৰে টুইটাৰত নিজৰ ক্ষোভ প্ৰকাশ কৰাৰ পিছতে দলৰ সতীৰ্থসকলৰ সৈতে সকলো যোগাযোগ বন্ধ কৰি দিয়ে প্ৰিয়ংকাই আৰু ২৪ঘণ্টাৰ পিছত টুইটাৰৰ পৰা তেওঁ কংগ্ৰেছৰ লিংকবোৰ আঁতৰাই দিয়ে। বিগত দহবছৰে সক্ৰিয় ৰাজনীতিত নথকাৰ পিছতো দলৰ প্ৰতি কঠোৰ সেৱা আগবঢোৱাৰ প্ৰসংগ উত্থাপন কৰে প্ৰিয়ংকাই। "মই যদি মোৰ আত্মসন্মানৰ কথা চিন্তা নকৰো আৰু মহিলাৰ অধিকাৰৰ বাবে যুঁজ নিদিও তেনেহ’লে ভুল কৰা হ’ব।" তেওঁ কয়।



উল্লেখযোগ্য যে প্ৰিয়ংকা চতুৰ্বেদী ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ এক চিনাকী চেহেৰা আৰু সময়ে সময়ে তেওঁ বিৰোধীক ক্ষুৰধাৰ সমালোচনা কৰি সকলোৰে মনোযোগ আকৰ্ষণ কৰি আহিছে। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ শৈক্ষিক অৰ্হতাৰ খেলিমেলি প্ৰসংগক সংবাদমেলত গীতৰ মাধ্যমেৰে উপহাস কৰিছিল প্ৰিয়ংকাই।

আৰু চাওক পৰৱৰ্তী বাতৰি