• Home
  • »
  • News
  • »
  • nation
  • »
  • ৰিলায়েন্স ৰিটেইলত ৫৫৫০ কোটি টকা বিনিয়োগ কৰিব আমেৰিকাৰ ইকুইটি ফাৰ্ম KKR-এ

ৰিলায়েন্স ৰিটেইলত ৫৫৫০ কোটি টকা বিনিয়োগ কৰিব আমেৰিকাৰ ইকুইটি ফাৰ্ম KKR-এ

  • Share this:
ৰিলায়েন্স ৰিটেইলত ৫৫৫০ কোটি টকা বিনিয়োগ কৰি ১.২৮% অংশীদাৰিত্ব ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় মান সম্পন্ন আমেৰিকাৰ ইকুইটি ফাৰ্ম কেকেআৰে। এয়া ৰিলায়েন্সত KKRৰ দ্বিতীয়টো বিনিয়োগ।

কোৰোণাৰ কাৰণে সমগ্ৰ বিশ্বত আৰ্থিক মন্দাৱস্থাই বিকট ৰূপ লোৱাৰ সময়ত এটাৰ পিছত আন এটা বিনিয়োগ লাভ কৰিছে ভাৰতৰ সকলোতকৈ মূল্যৱান সংস্থা ৰিলায়েন্সে।  এই বাৰ মার্কিন বিনিয়োগকাৰী সংস্থা KKR & Co–এ ৫ হাজাৰ ৫৫০ কোটি টকা বিনিয়োগ কৰিবলৈ আগবাঢ়িছে ৰিলায়েন্স ৰিটেইলত। ইয়াৰ দ্বাৰা ৰিলায়েন্স ৰিটেইলৰ ১.২৮শতাংশ অংশ ক্ৰয় কৰিছে ইকুইটি গোটটোৱে।

ৰিলায়েন্সে জনাইছে, ৰিলায়েন্স ৰিটেলত বিনিয়োগৰ মূল্য বাঢ়ি হ’ল ৪.২১ লাখ কোটি টকা (প্রি-মানি ইক্যুইটি ভেলু)৷ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন মুকেশ আম্বানীৰ কথাৰে, 'ৰিলায়েন্স ৰিটেলত গুৰুত্বপূর্ণ বিনিয়োগকাৰী হিচাপে KKR-ক স্বাগতম৷ প্রতিজন ভাৰতীয়ৰ সুবিধাৰ কাৰণে দেশৰ ৰিটেল ইক’চিষ্টেমক আৰু আগুৱাই নিয়াৰ পথেৰে আমি যেনেকৈ আগবাঢ়িছো সেয়া অব্যাহত থাকিব।'

KKR-ৰ চিইঅ’ তথা অন্যতম কর্ণধাৰ হেনৰী ক্ৰেভিছে কয়, 'ৰিলায়েন্স ৰিটেলৰ এই নতুন প্লেটফ’ৰ্মে গ্রাহক তথা ক্ষুদ্ৰ ব্যৱসায়ী-- উভয় পক্ষৰ কাৰণেই লাভজনক৷ আৰু বেছিকৈ ভাৰতবাসীয়ে অনলাইনত কিনা–বেছা কৰিব। একেসময়তে গেলামালৰ দোকান বা সৰু দোকানক এই চিষ্টেমৰ অংশ কৰা হ’ব। ভাৰতৰ খুচুৰা অৰ্থনীতি আৰু মজবুত হ’ব।'

উল্লেখ্য যে, যোৱা ৯ ছেপ্টেম্বৰত চিলভাৰ লেক পার্টনাৰ্ছে ঘোষণা কৰিছিল, তেওঁলোকে ৰিলায়েন্স ৰিটেলত ৭ হাজাৰ ৫০০ কোটি টকা বিনিয়োগ কৰিব৷ ১.৭৫ শতাংশ শ্বেয়াৰ কিনিব তেওঁলোকে৷

তেলৰ পৰা টেলিকম ক্ষেত্ৰলৈকে দেশৰ গৌৰৱ তথা বিশ্বৰ অন্যতম মূল্যৱান সংস্থা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে এতিয়া ৰিটেল ব্যৱসায় দ্ৰুতগতিত আগুৱাই নিছে। ইতিমধ্যেই আমাজন ইণ্ডিয়া তথা ৱালমাৰ্টৰ ফ্লিপকাৰ্টক কঠোৰ প্ৰত্যাহ্বান জনাইছে ৰিলায়েন্সে। গোটটোৱে জনোৱা মতে, আগষ্ট মাহৰ শেষৰফালে তেওঁলোকে কিশোৰ বায়ানীৰ ফিউচাৰ গ্ৰুপৰ ৰিটেল তথা লজিষ্টিক ব্যৱসায় ক্ৰয় কৰিছে।

যোৱা মে’ মাহত ৰিলায়েন্সে অনলাইন গ্ৰচাৰী পৰিসেৱা JioMart আৰম্ভ কৰিছিল। এই মুহূৰ্তত ৰিলায়েন্স ৰিটেল ভাৰতৰ সৰ্ববৃহৎ ৰিটেল সংস্থা।
First published: