সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ লালকিল্লাত নবমবাৰৰ বাবে ৭৬তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে। স্বাধীনতাৰ উদযাপন হেতুকে পূৰ্বতে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি প্ৰধানমন্ত্ৰীয়ে প্ৰথমতে ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনায় আৰু ইয়াৰ পাছতেই সেই ঠাইত ৰাষ্ট্ৰীয় গীত পৰিৱেশন হয়। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় পতাকা সদৃশ এটা পাগুৰি পিন্ধি থকা দেখা যায় য’ত ৰাষ্ট্ৰীয় পতাকাৰ তিনিটা ৰং– গেৰুৱা, শুকুলা আৰু সেউজীয়া আছে।
ৰাষ্ট্ৰবাসীক সম্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কি ক’লে–আজি দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে যি বিগত ৭৫ টা বৰ্ষত দেশৰ কাৰণে জীৱন–মৰণ, দেশৰ সুৰক্ষা, দেশৰ সংকল্পসমূহ পূৰ্ণ কৰিব বিচৰা সেনাৰ জোৱান হওক, আৰক্ষীকৰ্মী হওক, জন প্ৰতিনিধি হওক, ৰাষ্ট্ৰীয় স্বৰাজৰ সংস্থাসমূহ প্ৰশাসক হওক।
উচ্চাকাংক্ষী সমাজ যিকোনো দেশৰ আটাইতকৈ ডাঙৰ সম্পদ। দেশৰ প্ৰতিজন নাগৰিকে বস্তুবোৰ সলনি কৰিব বিচাৰিছে আৰু পৰিৱৰ্তন চাব বিচাৰিছে। তেওঁলোকে নিজৰ চকুৰ সন্মুখত পৰিৱৰ্তন চাব বিচাৰে।
ভাৰতৰ প্ৰতিটো কোণতে, সেই সকলো মহাপুৰুষক স্মৰণ কৰাৰ চেষ্টা কৰা হৈছে যিসকলে কোনো কাৰণত ইতিহাসত স্থান পোৱা নাছিল বা তেওঁলোকক পাহৰি যোৱা হৈছিল। আজি দেশখনে এনে নায়ক, মহাপুৰুষ, ত্যাগ, সত্যাগ্ৰহীসকলক বিচাৰি উলিয়াইছে আৰু স্মৰণ কৰিছে লগতে তেওঁলোকক অভিবাদন জনাইছে।
স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন হেতুকে দেশবাসীসকলে দেশৰ বিভিন্ন কোণত লক্ষাধিক কাৰ্যসূচী কৰিছে। ইতিহাসত এনেধৰণৰ বিশাল, ব্যাপক আৰু দীঘলীয়া উৎসৱ কেতিয়াও হয়তো পূৰ্বতে পালন কৰা হোৱা নাই।
তেখেতে লগতে কয় যে, ২০১৪ চনত দেশৰ ৰাইজে তেখেতক এক দায়িত্ব দিছিল আৰু ভাৰতৰ স্বাধীনতাৰ পাছত জন্ম লাভ কৰা তেওঁ প্ৰথমগৰাকী ব্যক্তি যিয়ে লালকিল্লাৰ পৰা দেশক সম্বোধন কৰিছিল।
দেশ কৃতজ্ঞ যে মংগল পাণ্ডে, তাঁতিয়া টোপী, ভগত সিং, সুখদেৱ, ৰাজগুৰু, চন্দ্ৰশেখৰ আজাদ, আছফাক উল্লা খান, ৰাম প্ৰসাদ বিছমিলৰ দৰে এনে অগণন বিপ্লৱী নায়কে ব্ৰিটিছ শাসনৰ ভেঁটি জোকাৰি গৈছিল। স্বাধীনতাৰ বাবে যুঁজ দিয়া আৰু স্বাধীনতাৰ পিছত দেশখন গঠন কৰা বহুতো মহান ব্যক্তিৰ ওচৰত নমন কৰাৰ সময় হয়।
ভাৰতৰ কোনো কোণ নাছিল, এনে কোনো সময় নাছিল যেতিয়া দেশবাসীয়ে শ শ বছৰ ধৰি দাসত্বৰ বিৰুদ্ধে যুঁজ দিয়া নাছিল, জীৱন অতিবাহিত কৰা নাছিল, অত্যাচাৰ, বলিদান কৰা নাছিল। আজি আমাৰ সকলো দেশবাসীৰ বাবে এনে প্ৰতিজন মহান ব্যক্তি, প্ৰতিজন ত্যাগ আৰু ত্যাগীৰ ওচৰত নমস্কাৰ কৰাৰ এক সুযোগ।
ক’ৰোনাকালত বিশ্বই ভেকছিন লোৱাৰ বিভ্ৰান্তিত আছিল যে তেওঁলোকে ভেকচিন ল’ব নে নাই। সেই সময়ত, ভাৰতৰ মানুহে ২০০ কোটি পালি গ্ৰহণ কৰি বিশ্বক এক আচৰিত কাম কৰি দেখুৱাইছিল।
স্বাধীনতাৰ ইমান দশকৰ পিছত, সমগ্ৰ বিশ্বই ভাৰতক যি দৃষ্টিৰে চাইছিল সেয়া সলনি হৈছে। বিশ্বই ভাৰতৰ মাটিত সমস্যাৰ সমাধান বিচাৰিবলৈ লৈছে। বিশ্বৰ এই পৰিৱৰ্তন, পৃথিৱীৰ লোকসকলৰ চিন্তাধাৰাৰ এই পৰিৱৰ্তন সম্ভৱ হৈছে দেশৰ ৭৫ বছৰীয়া যাত্ৰাৰ ফলাফল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|