• Home
  • »
  • News
  • »
  • nation
  • »
  • International Yoga Day 2021: কোৰোণাৰ বিৰুদ্ধে যোগ এক সাহস, যোগৰ পৰা বাঢ়িছে শক্তি, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে এই ১০টা গুৰুত্বপূৰ্ণ কথা

International Yoga Day 2021: কোৰোণাৰ বিৰুদ্ধে যোগ এক সাহস, যোগৰ পৰা বাঢ়িছে শক্তি, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে এই ১০টা গুৰুত্বপূৰ্ণ কথা

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি যিসময়ত সমগ্ৰ বিশ্বই কোৰোণাৰ সৈতে যুঁজি আছে, সেই সময়তে যোগ এক আশাৰ ৰেঙণি হৈ পৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি যিসময়ত সমগ্ৰ বিশ্বই কোৰোণাৰ সৈতে যুঁজি আছে, সেই সময়তে যোগ এক আশাৰ ৰেঙণি হৈ পৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি যিসময়ত সমগ্ৰ বিশ্বই কোৰোণাৰ সৈতে যুঁজি আছে, সেই সময়তে যোগ এক আশাৰ ৰেঙণি হৈ পৰিছে।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day) উপলক্ষে সোমবাৰে পুৱা দেশক সম্বোধন কৰে। সপ্তম যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সমগ্ৰ বিশ্বই কোভিড–১৯ মহামাৰীৰে যুঁজি আছে, সেই সময়তে যোগ বিশ্বাসৰ এটা কাৰণ হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে মোৰ বিশ্বাস আছে যে যোগ জনতাৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক অনুপ্ৰেৰণামূলক ভূমিকা পালন কৰি থাকিব। মোদীয়ে কয় যে যোগে আমাক দুশ্চিন্তাৰ পৰা শক্তিলৈ, নকাৰাত্মকৰ পৰা ৰচনাত্মকৰ পথ দেখুৱায়। মোদীয়ে কয় যে এই বিপদৰ সময়ত মানুহে যোগ পাহৰিব পাৰিলেহেঁতেন, উপেক্ষা কৰিব পাৰিলেহেঁতেন। কিন্তু ইয়াৰ বিপৰীতে মানুহে যোগৰ প্ৰতি উৎসাহ বৃদ্ধি কৰিছে, যোগৰ প্ৰতি আস্থা আৰু বাঢ়িছে।

প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ গুৰুত্বপূৰ্ণ ১০টা কথা

১. প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি যিসময়ত সমগ্ৰ বিশ্বই কোৰোণাৰ সৈতে যুঁজি আছে, সেই সময়তে যোগ এক আশাৰ ৰেঙণি হৈ পৰিছে। দুটা বছৰ বিশ্বজুৰি আৰু ভাৰতত ৰাজহুৱা অনুষ্ঠান আয়োজন নহ’লেও যোগ দিৱসৰ প্ৰতি উৎসাহ কম হোৱা নাই।

২. মোদীয়ে কয় যে যেতিয়া কোৰোণাৰ অদৃশ্য ভাইৰাছ বিশ্বত দেখা দিছিল, তেতিয়া কোনো দেশেই সামৰ্থ্য আৰু মানসিকভাৱে ইয়াৰ বাবে প্ৰস্তুত নাছিল। আমি সকলোৱে দেখিছো যে এনেকুৱা কঠিন সময়ত যোগ আত্মবলৰ এক ডাঙৰ মাধ্যম হৈছে।

৩. প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্বৰ অধিকাংশ দেশৰ বাবে যোগ দিৱস কোনো তেওঁলোকৰ পুৰণি সাংস্কৃতিক পৰ্ব নহয়। এই বিপদৰ সময়ত, মানুহে ইয়াক পাহৰি পেলাব পাৰিলেহেঁতেন, উপেক্ষা কৰিব পাৰিলেহেঁতেন, কিন্তু ইয়াৰ বিপৰীতে মানুহৰ যোগৰ প্ৰতি আগ্ৰহ বাঢ়িছে। 

৪. মোদীয়ে কয় যে যেতিয়া মই ফ্ৰণ্টলাইন যোদ্ধাসকল আৰু চিকিৎসকলৰ সৈতে কথা পাতো, তেওঁলোকে মোক কয় যে তেওঁলোকে যোগক কোৰোণাৰ বিৰুদ্ধে যুঁজাৰ অস্ত্ৰ হিচাপে লৈছে। তেওঁলোকে কেৱল নিজৰ সুৰক্ষাৰ বাবেই নহয়, ৰোগীসকলৰ সুৰক্ষাৰ বাবেও যোগ ব্যৱহাৰ কৰিছে।

৫. মোদীয়ে কয় যে ভাৰতৰ ঋষিসকলে, ভাৰতে যেতিয়াই স্বাস্থ্যৰ কথা কৈছে, ইয়াৰ অৰ্থ কেৱল শাৰীৰিক স্বাস্থ্য নহয়। সেইবাবে যোগত শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।

৬. প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যোগে আমাক ষ্ট্ৰেচৰ পৰা ষ্ট্ৰেনথ আৰু নিগেটিভিটীৰ পৰা ক্ৰিয়েটিভিটীৰ পথ দেখুৱায়। যোগে আমাৰ অৱসাদৰ পৰা পৰিতৃপ্তিলৈ লৈ যায়।

৭. মোদীয়ে কয় যে এতিয়া বিশ্বই M-Yoga এপৰ শক্তি লাভ কৰিব। এই এপত সাধাৰণ যোগ প্ৰটকলৰ আধাৰত যোগ প্ৰশিক্ষণৰ কেইবাটাও ভিডিঅ’ বিশ্বৰ পৃথক পৃথক ভাষাত উপলব্ধ হ’ব।

৮. প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়া ভাৰতে ৰাষ্ট্ৰসংঘত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তাৱ ৰাখিছিল, তেতিয়া তাৰ অন্তৰালত এই ভাৱনা আছিল যে যোগ বিজ্ঞান সমগ্ৰ বিশ্বৰ বাবে সুলভ হওক। আজি এইক্ষেত্ৰত ভাৰতে ৰাষ্ট্ৰসংঘ, WHOৰ সৈতে মিলি আৰু এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে।

৯. মোদীয়ে কয় যে সকলোকে লগত লৈ আগবঢ়া মানৱতাৰ এই যোগ যাত্ৰাক আমি আগুৱাই নিব লাগিব। যিকোনো স্থানেই হওক, যিকোনো পৰিস্থিতিয়ে হওক যিকোনো বয়সৰ হওক, প্ৰতিজনৰ বাবে যোগৰ ওচৰত কিবা নহয় কিবা সমাধান নিশ্চয় আছে।

১০. প্ৰধানমন্ত্ৰীয়ে কয় যে মহান তামিল সন্ত শ্ৰী তিৰুৱল্লুৱৰজীয়ে কৈছিল যে যদি কোনো বেমাৰী আছে তেন্তে তাৰ গুৰিলৈ যাওক, বেমাৰৰ কাৰণ কি সেয়া নিশ্চিত কৰক, তাৰ পিছত চিকিৎসা আৰম্ভ কৰক। যোগে এই পথেই দেখুৱায়।
Published by:Sanjay Kumar Das
First published: