প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) সোমবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন (NDHM)ৰ আৰম্ভণি কৰিব। এই কথা জনাইছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কয়, ‘এক ঐতিহাসিক পদক্ষেপৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ছেপ্টেম্বৰত পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানৰ আৰম্ভণি কৰিব। ইয়াৰ পিছত প্ৰধামন্ত্ৰী মোদীয়ে জনতাক সম্বোধনো কৰিব।’
প্ৰধানমন্ত্ৰীয়ে বিগত ১৫ আগষ্টত লালকিল্লাৰ পৰা ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানৰ পায়লট প্ৰজেক্টৰ কথা ঘোষণা কৰিছিল। বৰ্তমান এই আঁচনি ছয় কেন্দ্ৰীয়শাসিত অঞ্চলত প্ৰাৰম্ভিক পৰ্যায়ত কাৰ্যকৰী কৰা হ’ব।
NDHMৰ ৰাষ্ট্ৰজোৰা আৰম্ভণি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ তৃতীয় বৰ্ষপূৰ্তিৰ সৈতে কৰা হৈছে। এই উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়াও উপস্থিত থাকিব। NDHMৰ মুখ্য উদ্দেশ্যৰ ভিতৰত প্ৰত্যেকজন নাগৰিকৰ বাবে এক স্বাস্থ্য আই ডি থাকিব যিয়ে তেওঁলোকৰ স্বাস্থ্য একাউণ্ট হিচাপে কাম কৰিব। ইয়াৰ দ্বাৰা ব্যক্তিগত স্বাস্থ্য ৰেকৰ্ড ম’বাইল এপ্লিকেচনৰ সহায়ত সংযুক্ত কৰিব বা চাব পাৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|