প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে বহুকেইটা আকৰ্ষণীয় প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। লগতে কেইখনমান আঁচনিৰ আধাৰশিলাও স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ইম্ফলত ৪,৮০০ কোটি টকাৰ ২২টা প্ৰকল্প আৰম্ভ কৰিব, আনহাতে আগৰতলাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত নতুন একত্ৰিত টাৰ্মিনেল ভৱন উদ্বোধন কৰিব আৰু লগতে দুটা গুৰুত্বপূৰ্ণ উন্নয়নমূলক আঁচনিও মুকলি কৰিব। মণিপুৰত মোদীয়ে ১,৮৫০ কোটি টকাৰ ১৩ টা প্ৰকল্প উদ্বোধন কৰিব আৰু ২,৯৫০ কোটি টকাৰ নটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহ পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, আৱাসিক, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ আৰু কলা আৰু সংস্কৃতিকে ধৰি বিভিন্ন খণ্ডৰ সৈতে সম্পৰ্কিত।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১,৭০০ কোটি টকা ব্যয়েৰে পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। আন এটা গুৰুত্বপূৰ্ণ প্ৰকল্প হ'ল ৭৫ কোটি টকা ব্যয়েৰে ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ৰ বৰাক নদীৰ ওপৰত এখন তীখাৰ দলং, যি ইম্ফলক শিলচৰৰ সৈতে সংযোগ কৰিব। প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ জনসাধাৰণৰ বাবে প্ৰায় ১,১০০ কোটি টকা ব্যয়েৰে ২,৩৮৭টা মোবাইল টাৱাৰ উৎসৰ্গা কৰিব, যাৰ ফলত মোবাইল সংযোগ উন্নত হ'ব।
পিএমঅ'য়ে জানিবলৈ দিছে যে, ৰাজ্যখনত বিশুদ্ধ খোৱা পানী যোগানৰ বাবে মোদীয়ে এখন গুৰুত্বপূৰ্ণ আঁচনি উদ্বোধন কৰিব। ইয়াৰ ভিতৰত আছে থোবাল বহুমুখী প্ৰকল্পৰ ২৮০ কোটি টকাৰ পানী পৰিবহন প্ৰণালী। আন এটা প্ৰকল্পই তামেংলং জিলাৰ ১০ টা অঞ্চলৰ বাসিন্দাসকলক সুৰক্ষিত খোৱা পানী প্ৰদান কৰিব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseমোদীয়ে ৫১ কোটি টকা ব্যয়েৰে সেনাপতি জিলা মুখ্য কাৰ্যালয় পানী যোগান আঁচনিও উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ১৬০ কোটি টকা ব্যয়েৰে ইম্ফলৰ এখন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলাও স্থাপন কৰিব। তেওঁ কিয়ামগেইৰ ২০০ বিচনাযুক্ত কোভিড চিকিৎসালয়ৰো উদ্বোধন কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|