হেকাৰৰ কবলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ হেণ্ডেল। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে দেওবাৰে জানিবলৈ দিয়ে যে হেকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Narendra Modi Twitter Handel) টুইটাৰ হেণ্ডেলৰ পৰা ‘খেলিমেলি’ কৰা হৈছে। অৱশ্যে সময় থাকোতেই এয়া নিয়ন্ত্ৰণ কৰা হয়। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইটযোগে জনায়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ হেণ্ডেলৰ পৰা খেলিমেলি কৰা হৈছে। শীঘ্ৰে ঘটনাৰ বিষয়ে টুইটাৰক জনোৱা হয় আৰু একাউণ্টটো সুৰক্ষিত কৰা হয়। একাউণ্টৰ পৰা খেলিমেলিৰ বাবে কৰা যিকোনো টুইট এৰাই চলক।’
সংবাদ প্ৰতিষ্ঠান ANIৰ মতে, প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউণ্ট বৰ্তমান পুনৰ আৰম্ভ কৰা হৈছে আৰু অবাঞ্চিত টুইটবোৰ আঁতৰাই দিয়া হৈছে। মাইক্ৰ’–ব্লগিং ছাইটত প্ৰধানমন্ত্ৰী মোদীৰ ৭৩.৪ মিলিয়নৰো অধিক ফলোৱাৰ আছে।
প্ৰধানমন্ত্ৰী মোদীৰ একাউণ্ট খেলিমেলি হোৱাৰ পিছতে ভাৰতত #Hacked ট্ৰেণ্ড কৰিবলৈ লয়। উল্লেখযোগ্য যে নিশা ২ বাজি ১১ মিনিটত হেকাৰৰ কবলত পৰে মোদীৰ টুইটাৰ একাউণ্ট। ২.১১ বজাত এটা টুইট কৰা হয় য’ত দাবী কৰা হয় যে ভাৰতে আনুষ্ঠানিকভাৱে বিটকইনক আইনী স্বীকৃতি প্ৰদান কৰিছে। ২ মিনিট পিছতে এই টুইটটো ডিলিট কৰি দিয়া হয়। ২.১৪ বজাত এনে ধৰণৰে আন এটা টুইট কৰা হয়। কিছু সময় পিছত সেই টুইটটোও ডিলিট কৰি দিয়া হয়। কিন্তু তেতিয়ালৈ স্ক্ৰীণশ্বট ভাইৰেল হৈছিল। প্ৰায় ৩.১৮ বজাত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰি জনায় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ হেণ্ডেল খেলিমেলি কৰা হৈছে, যিটো এতিয়া নিয়ন্ত্ৰণ কৰা হৈছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|