আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক লৈ পাঁচদিনীয়া ভাৰ্ছুৱেল আন্তৰ্জাতিক শীৰ্ষ সন্মিলনৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি অৰ্থাৎ ৫ অক্টোবৰৰ সন্ধিয়া ৭ বজাত এই সন্মিলনৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
ভাৰত চৰকাৰ আৰু শিল্প আরু শিক্ষা ক্ষেত্ৰৰ অগ্ৰণীসকলৰ যৌথ উদ্যোগত Responsible AI for Social Empowerment (RAISE2020)ৰ আয়োজন কৰা হৈছে।
স্বাস্থ্য ক্ষেত্ৰ, কৃষি ক্ষেত্ৰ, শিক্ষা আৰু স্মাৰ্ট ম’বিলিটীৰ দৰে বিভিন্ন ক্ষেত্ৰত কিদৰে আৰু অধিক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম মেধাৰ ব্যৱহাৰ বৃদ্ধি কৰিব পৰা যায়, সেই লক্ষ্যৰে আন্তৰ্জাতিক স্তৰত মত বিনিময় আৰু এক কাৰ্যপদ্ধতি তৈয়াৰ কৰাই এই সন্মিলনৰ লক্ষ্য।
টুইটাৰত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘RAISE2020 ভাৰ্ছুৱেল সন্মিলনত যোগদান কৰাৰ বাবে অপেক্ষা কৰিছো। বিশ্বৰ প্ৰযুক্তি ক্ষেত্ৰৰ বিশেষজ্ঞসকলে AIৰ বিভিন্ন দিশক লৈ এই সন্মিলনত আলোচনা কৰা হ’ব।’
![]()
বিগত জুন মাহতে গ্ল’বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে যোগ দিছিল ভাৰতে। GPAIৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে আমেৰিকা যুক্তৰাষ্ট্র, অষ্ট্রেলিয়া, কানাডা, ফ্ৰান্স, ইটালী, জাৰ্মানী, জাপান, মেক্সিকো, কোৰিয়া, নিউজিলেণ্ড আৰু ছিংগাপুৰৰ দৰে বিশ্বৰ অগ্ৰণী অৰ্থনীতিৰ দেশসমূহৰ সংগী হৈছে ভাৰত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|