এয়াৰ ইণ্ডিয়াৰ সলনি এতিয়াৰে পৰা প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ হ’ব পাৰে বায়ুসেনাৰ বিশেষ বিমান। এই বিমানৰ বিশেষত্ব হ’ল বিমানখনত কোনো মিছাইলৰ প্ৰভাৱ নপৰে। প্ৰধানমন্ত্ৰীয়ে লাভ কৰিবলগা এই বিমানখন ২০২০ চনৰ জুনৰ ভিতৰত ভাৰতলৈ আহিব। হিন্দুস্তান টাইমছৰ খবৰ অনুসৰি, এই বিমানখনত থাকিব এণ্টি মিছাইল প্ৰযুক্তি। খবৰ অনুসৰি দীৰ্ঘ দূৰত্বৰ দুখন বইং-777-300ER বিমানৰ ব্যৱস্থা কৰা হ’ব।
খবৰ অনুসৰি, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বইং 747-200B বিমান ব্যৱহাৰ কৰে। ইয়াৰ পিছত এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাবে বইং 777-300ER বিমানৰ ব্যৱস্থা কৰাৰ প্ৰস্তুতি অব্যাহত আছে। এই বিমানখন এয়াৰ ইণ্ডিয়াৰ সলনি ভাৰতীয় বায়ুসেনাৰ তত্বাৱধানত ৰখা হ’ব।
দুখন বইং 777-300ER বিমানৰ ব্যৱস্থা কৰাৰ অন্তৰালৰ কাৰণ হ’ল এই বিমানৰ ব্যৱহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ–ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱেও কৰিব। এতিয়ালৈ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু উপ–ৰাষ্ট্ৰপতিয়ে এয়াৰ ইণ্ডিয়াৰ বইং B474 বিমান ব্যৱহাৰ কৰি আছে।
কোৱা হৈছে যে নিৰাপত্তাৰ ক্ষেত্ৰত বইং 777-300ER বিমান আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিমানৰ সমান হ’ব। এই বিমানখনৰ বিশেষত্ব হ’ল ইন্ধন ভৰোৱাৰ পিছত অবিৰতভাৱে ভাৰত আৰু আমেৰিকাৰ মাজত চলাচল কৰিব পাৰিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 09, 2019, 16:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|