• Home
  • »
  • News
  • »
  • nation
  • »
  • গুজৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছক, ক'লে- কংগ্ৰেছ চৰকাৰসমূহে মহাত্মা গান্ধীৰ মূল্যবোধ অনুসৰণ কৰা নাছিল

গুজৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছক, ক'লে- কংগ্ৰেছ চৰকাৰসমূহে মহাত্মা গান্ধীৰ মূল্যবোধ অনুসৰণ কৰা নাছিল

গুজৰাটৰ আহমেদাবাদ জিলাৰ বাৱলা গাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ বাবে এখন নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে এখন সভাত কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰসমূহে মহাত্মা গান্ধীৰ মূল্যবোধ অনুসৰণ কৰা নাছিল আৰু গুজৰাটৰ গাঁওসমূহক অৱহেলা কৰিছিল।

গুজৰাটৰ আহমেদাবাদ জিলাৰ বাৱলা গাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ বাবে এখন নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

তেওঁ কয়, ‘মহাত্মা গান্ধীয়ে আগতে কৈছিল যে ভাৰতৰ আত্মা গাঁৱে-ভূঞে বাস কৰে। কিন্তু কংগ্ৰেছ নেতাসকলে কেতিয়াও এনে গান্ধীবাদী মূল্যবোধ অনুসৰণ কৰিবলৈ আহৰি পোৱা নাছিল। তেওঁলোকে বাস্তৱত সেই আত্মাক চেপি ধৰিলে। গাঁওসমূহৰ প্ৰকৃত ক্ষমতা উপলব্ধি নকৰিলে।''

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি সকলোৱে গুজৰাটৰ পঞ্চায়তীৰাজ ব্যৱস্থাৰ শলাগ লৈছে। কিন্তু কংগ্ৰেছৰ শাসনকালত সেই বিভাগৰ বাজেট আছিল মাত্ৰ ১০০ কোটি টকা।

প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ষমতালৈ অহাৰ পিছত বিজেপিয়ে গাঁৱে-ভূঞে বিদ্যুৎ আৰু নলৰ পানীৰ দৰে সা-সুবিধা প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰিছিল, যাতে এনে সুবিধাৰ অভাৱত মানুহে চহৰলৈ প্ৰব্ৰজন কৰিব নালাগে।

আনহাতে, নিৰ্বাচনমুখী ৰাজ্য গুজৰাটত কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ প্ৰতিশ্ৰুতিৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এতিয়া বিনামূলীয়া বিদ্যুৎ পোৱাৰ সময় নহয়, সময় ইয়াৰ দ্বাৰা উপাৰ্জনৰ ব্যৱস্থা কৰাৰ। নিৰ্বাচনী সভাত ভাষণত মোদীয়ে কয় যে বিদ্যুতৰ পৰা মানুহে কেনেকৈ ধন আয় কৰিব পাৰে, তাৰ কলা তেওঁ জানে। প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে "বিভাজন আৰু শাসন"ৰ সূত্ৰৰ ওপৰত কাম কৰে আৰু কেৱল ক্ষমতাত থকাৰ বাবেহে গুৰুত্ব দিয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি