உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ‘সীমান্তত কোনোৱে ৰঙা চকু দেখুৱালে লগে লগে উচিত প্ৰত্যুত্তৰ দিয়া হ’ব’- দীপাৱলীৰ দিনা ভাৰত-পাক সীমান্তত প্ৰধানমন্ত্ৰীৰ উদাত্ত ভাষণ

    ‘সীমান্তত কোনোৱে ৰঙা চকু দেখুৱালে লগে লগে উচিত প্ৰত্যুত্তৰ দিয়া হ’ব’- দীপাৱলীৰ দিনা ভাৰত-পাক সীমান্তত প্ৰধানমন্ত্ৰীৰ উদাত্ত ভাষণ

    এইবাৰ ৰাজস্থানৰ জয়চেলমাৰ লোংগেয়ালা পোষ্টত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী।

    এইবাৰ ৰাজস্থানৰ জয়চেলমাৰ লোংগেয়ালা পোষ্টত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী।

    এইবাৰ ৰাজস্থানৰ জয়চেলমাৰ লোংগেয়ালা পোষ্টত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী।

    • Share this:
    সীমান্তত কোনোৱে পৰীক্ষা ল’ব বিচাৰিলে লগে লগে উচিত প্ৰত্যুত্তৰ দিয়া হ’ব। ৰাজস্থানত সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰি এই বাৰ্তা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে।

    প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা সীমান্তত সেৱা জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰি আহিছে মোদীয়ে। এইবাৰো নহ’ল তাৰ ব্যতিক্ৰম। এইবাৰ ৰাজস্থানৰ জয়চেলমাৰৰ লংগেৱালা পোষ্টত উপস্থিত হ’লগৈ প্ৰধানমন্ত্ৰীগৰাকী। উল্লেখ্য যে, এই পোষ্ট কৌশলগত কাৰণত ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ।



    শুকুৰবাৰে যুদ্ধ বিৰতি উলংঘা কৰি কাশ্মীৰৰ বিভিন্ন প্ৰান্তত পাকিস্তানী সেনাই আক্ৰমণ চলালে। আক্ৰমণত বিএছএফ, সেনা জোৱান সহ মুঠ ৫ জন শ্বহীদ হয়। আনহাতে পাকিস্তানী সেনাৰ আক্ৰমণত ৬ জন সাধাৰণ লোকেও প্ৰাণ হেৰুৱায়। আৰু এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শত্ৰুপক্ষক দিয়া এই সকীয়নি অত্যন্ত তাত্‍পৰ্যপূৰ্ণ বিবেচিত হৈছে।

    সেনা জোৱানক উদ্দেশ্যি মোদীয়ে কয় যে, ‘বহু কেইখন দেশৰ সৈতে সীমান্ত শ্বেয়াৰ কৰিছে ভাৰতে। কিন্তু লংগেৱালা এনে এটা পোষ্ট, যাৰ নাম প্ৰত্যেকগৰাকী ভাৰতীয়ই জানে। লংগেৱালাৰ যুদ্ধৰ কথাও প্ৰতিগৰাকী ভাৰতবাসীয়ে জানে।’ অহা বছৰ লংগেৱালাৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ ৫০ বছৰ পূৰ্ণ হ’ব।



    সেনা জোৱানৰ মনোবল বৃদ্ধি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে, ‘বহুতে কয় যে, মই প্ৰতিবছৰে দীপাৱলীত সেনা জোৱানৰ সৈতে সময় কটাও। মই নিজৰ পৰিয়াল, কাষৰ মানুহৰ সৈতে দীপাৱলী উদযাপন কৰো। মোৰ আত্মীয় মানুহ, পৰিয়াল আপোনালোক।’
    Published by:Himangshu Bhuyan
    First published: