UNGA আৰু হাউডী মোদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমেৰিকাৰ পৰা ভাৰতলৈ উভতিল প্ৰধানমন্ত্ৰী মোদী। শনিবাৰে পালম বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে মোদীক উষ্ম আদৰণি জনায় দলীয় নেতাসকলে। মোদীক আদৰণি জনোৱাৰ বাবে বিমানবন্দৰত নিৰ্মাণ কৰা হৈছিল এখন মঞ্চ। এই মঞ্চতে মোদীয়ে তিনি বছৰ পূৰ্বৰ উৰি আক্ৰমণৰ পিছত হোৱা ছাৰ্জিকেল ষ্ট্ৰাইকৰ কথা উল্লেখ কৰে। মোদীয়ে কয় – আজি ২৮ ছেপ্টেম্বৰ, তিনি বছৰ পূৰ্বে এই তাৰিখতে মই ওৰেনিশা শোৱা নাছিলো। ওৰেনিশা সাৰে আছিলো। প্ৰতি মুহূৰ্তত টেলিফোন কেতিয়া বাজিব, তাৰ অপেক্ষাত আছিলো। সেই ২৮ ছেপ্টেম্বৰটো ভাৰতৰ বীৰ জোৱানৰ পৰাক্ৰমৰ এক স্বৰ্ণিল গাঁথাৰ দিন আছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় – তিনি বছৰ পূৰ্বে ২৮ ছেপ্টেম্বৰৰ নিশা দেশৰ বীৰ জোৱানসকলে ছাৰ্জিকেল ষ্ট্ৰাইক কৰি ভাৰতৰ শক্তি–সামৰ্থ্য বিশ্বৰ আগত তুলি ধৰিছিল। মই আজি সেই নিশাৰ কথা মনত পেলাই বীৰ জোৱানৰ সাহসক প্ৰণাম জনাইছো, অভিনন্দন জনাইছো।
প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনতো নিৰ্বাচনত জয়ী হোৱাৰ পিছত আমেৰিকা ৰাষ্ট্ৰসংঘৰ সন্মিলনলৈ গৈছিল আৰু ২০১৯তো গৈছে। বিশ্বৰ দৃষ্টিত ভাৰতৰ মান–সন্মান আৰু আদৰ বাঢ়িছে। ইয়াৰ মুখ্য কাৰণ ১৩০ কোটি হিন্দুস্তানী, যিয়ে অধিক শক্তিশালীৰূপে দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰিলে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube, Facebook আৰু Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|