১কোটি টকাত বিক্ৰী প্ৰধানমন্ত্ৰী মোদীৰ এইখন ছবি, ৫০০টকা আছিল প্ৰাৰম্ভিক মূল্য

প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে দেশৰ বিভিন্ন ঠাইৰ পৰা উপহাৰ স্বৰূপে লাভ কৰিছিল বিভিন্ন ডেগাৰ, পাগুৰী, চিত্ৰ, শ্ব’ল আৰু বিভিন্ন শিল্পীয়ে নিৰ্মাণ কৰা সামগ্ৰী।

News18
Updated:September 17, 2019, 8:19 PM IST
১কোটি টকাত বিক্ৰী প্ৰধানমন্ত্ৰী মোদীৰ এইখন ছবি, ৫০০টকা আছিল প্ৰাৰম্ভিক মূল্য
প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে দেশৰ বিভিন্ন ঠাইৰ পৰা উপহাৰ স্বৰূপে লাভ কৰিছিল বিভিন্ন ডেগাৰ, পাগুৰী, চিত্ৰ, শ্ব’ল আৰু বিভিন্ন শিল্পীয়ে নিৰ্মাণ কৰা সামগ্ৰী।
News18
Updated: September 17, 2019, 8:19 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ প্ৰাকক্ষণত অৰ্থাৎ সোমবাৰে তেওঁৰ এখন ছবিয়ে বিক্ৰীৰ অভিলেখ ভংগ কৰি ১ কোটি টকাত নীলাম হয়। ছবিখনৰ নীলামৰ প্ৰাৰম্ভিক মূল্য ৫০০টকা আছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে দেশৰ বিভিন্ন ঠাইৰ পৰা উপহাৰ স্বৰূপে লাভ কৰিছিল বিভিন্ন ডেগাৰ, পাগুৰী, চিত্ৰ, শ্ব’ল আৰু বিভিন্ন শিল্পীয়ে নিৰ্মাণ কৰা সামগ্ৰী।

বিক্ৰী হোৱা ছবিখনত গুজৰাটী ভাষাত মোদীৰ বাৰ্তাও আছে। ইয়াৰ লগতে মোদীয়ে নাৰিকলৰ সৈতে এটা ৰূপৰ কলহো উপহাৰ ৰূপে লাভ কৰিছিল আৰু এই সামগ্ৰীও ১কোটি টকাত বিক্ৰী হয়। গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে তেওঁক এই উপহাৰ দিছিল। 

অধিক নীলামত বিক্ৰী হোৱা সামগ্ৰীৰ ভিতৰত এটা ধাতুৰ মূৰ্তিও আছে, ইয়াত এজনী গায়ে সন্তানক গাখীৰ খোৱাৰ থকাৰ দৃশ্য সন্নিবিষ্ট কৰা আছে। মূৰ্তিটোৰ প্ৰাৰম্ভিক মূল্য ১৮হাজাৰ টকা আছিল আৰু এয়া বিক্ৰী হয় ৫১লাখ টকাত। 

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে উপহাৰ স্বৰূপে পোৱা সামগ্ৰীসমূহৰ ই–নীলাম ১৪ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু এয়া তিনি অক্টোবৰলৈকে চলিব।

উল্লেখযোগ্য যে এটা ৱেবছাইটৰ জৰিয়তে এই উপহাৰ সামগ্ৰীৰ নীলাম কৰা হৈছে আৰু ৱেবছাইটটো ডেভলপ কৰিছে নেচনেল ইনফৰ্মেটিক্স চেণ্টাৰে। সামগ্ৰীসমূহৰ প্ৰাৰম্ভিক মূল্য ২০০ৰ পৰা আঢ়ৈলাখ টকালৈ ধৰা হৈছে আৰু ৰাষ্ট্ৰীয় মাধ্যমত প্ৰকাশ পোৱা মতে সামগ্ৰীসমূহৰ অন্তিম মূল্য বহুগুণলৈ বাঢ়িছে।

এই বাতৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম জনসত্বাই প্ৰকাশ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি