শপতগ্ৰহণৰ পূৰ্বে জাতিৰ পিতা, বাজপেয়ী, শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি মোদীৰ

News18-Assam
Updated:May 30, 2019, 9:26 AM IST
শপতগ্ৰহণৰ পূৰ্বে জাতিৰ পিতা, বাজপেয়ী, শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি মোদীৰ
শপতগ্ৰহণৰ পূৰ্বে আজি পুৱাই ৰাজঘাট আৰু অটল স্মৃতি স্থলত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধী আৰু অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মোদীয়ে।

শপতগ্ৰহণৰ পূৰ্বে আজি পুৱাই ৰাজঘাট আৰু অটল স্মৃতি স্থলত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধী আৰু অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মোদীয়ে।

  • Share this:
আজি সন্ধিয়া দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। দেশ–বিদেশৰ প্ৰায় ৮ হাজাৰ অতিথিয়ে অংশগ্ৰহণ কৰিব শপতগ্ৰহণ অনুষ্ঠানত। ইতিমধ্যে সজাই–পৰাই তোলা হৈছে ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণ।

শপতগ্ৰহণৰ পূৰ্বে আজি পুৱাই ৰাজঘাট আৰু অটল স্মৃতি স্থলত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধী আৰু অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মোদীয়ে।



তাৰ পিছতে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হৈ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে মোদীয়ে।

 



উল্লেখযোগ্য যে মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব BIMSTEC দেশৰ নেতা, বিৰোধীৰ সকলো ৰথা–মহাৰথী, খেল আৰু ছবি জগতৰ তাৰকাসকলৰ লগতে ৮০০০ অতিথি। ইয়াৰ পূৰ্বে ২০১৪ চনত মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল ৩৫০০ৰ পৰা ৫ হাজাৰ অতিথি।
First published: May 30, 2019, 9:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading