• Home
  • »
  • News
  • »
  • nation
  • »
  • প্ৰধানমন্ত্ৰী মোদীৰ ‘মন কী বাত’, আত্মনিৰ্ভৰ ভাৰতৰ বাবে পুতলা উদ্যোগত গুৰুত্ব মোদীৰ

প্ৰধানমন্ত্ৰী মোদীৰ ‘মন কী বাত’, আত্মনিৰ্ভৰ ভাৰতৰ বাবে পুতলা উদ্যোগত গুৰুত্ব মোদীৰ

মোদীয়ে কয় যে আমাৰ দেশত স্থানীয় পুতলাৰ বহু সমৃদ্ধ পৰম্পৰা আছে। বহু প্ৰতিভাশালী কাৰিকৰ আছে, যিয়ে ধুনীয়া পুতলা বনোৱাত সিদ্ধহস্ত।

মোদীয়ে কয় যে আমাৰ দেশত স্থানীয় পুতলাৰ বহু সমৃদ্ধ পৰম্পৰা আছে। বহু প্ৰতিভাশালী কাৰিকৰ আছে, যিয়ে ধুনীয়া পুতলা বনোৱাত সিদ্ধহস্ত।

মোদীয়ে কয় যে আমাৰ দেশত স্থানীয় পুতলাৰ বহু সমৃদ্ধ পৰম্পৰা আছে। বহু প্ৰতিভাশালী কাৰিকৰ আছে, যিয়ে ধুনীয়া পুতলা বনোৱাত সিদ্ধহস্ত।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মন কী বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। মোদীয়ে দেশক পুনৰ এবাৰ আত্মনিৰ্ভৰ ভাৰতৰ বাৰ্তা দিলে। প্ৰধানমন্ত্ৰীয়ে পুতলা উদ্যোগলৈ আহ্বান জনাই কয় যে তেওঁলোক আগুৱাই আহক আৰু দেশক আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত নিজৰ ভূমিকা লওক।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সাধাৰণতে এই সময় উৎসৱৰ সময়। ধাৰ্মিক পূজা–পাৰ্বন অনুষ্ঠিত হয়। কোৰোণাৰ এই সংকটৰ সময়ত মানুহৰ মাজত উৎসাহো আছে, অনুশাসনো আছে। লক্ষ্য কৰিলে দেখা যায় যে নাগৰিকসকলৰ মাজত দায়িত্ববোধ আছে। মানুহে নিজৰ প্ৰতি লক্ষ্য ৰাখি, আনৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ কামো কৰি আছে। দেশৰ প্ৰতিটো আয়োজনতে যিধৰণৰ সংযম দেখা গৈছে সেয়া সঁচাকৈ অভূতপূৰ্ব।

মোদীয়ে কয় – আমাৰ দেশত এইবাৰ খাৰিফ শস্যৰ উৎপাদন বিগত বৰ্ষতকৈ ৭ শতাংশ বেছি হৈছে। কোৰোণাৰ এই কঠিন পৰিস্থিতিৰ মাজতো কৃষকসকলে নিজৰ শক্তি প্ৰমাণিত কৰিছে। মই দেশৰ কৃষকসকলক ধন্যবাদ জনাইছো, তেওঁলোকৰ পৰিশ্ৰমক সন্মান জনাইছো।

মোদীয়ে কয় যে আমাৰ দেশত স্থানীয় পুতলাৰ বহু সমৃদ্ধ পৰম্পৰা আছে। বহু প্ৰতিভাশালী কাৰিকৰ আছে, যিয়ে ধুনীয়া পুতলা বনোৱাত সিদ্ধহস্ত। ভাৰতৰ কিছু অঞ্চল Toy Clusters অৰ্থাৎ পুতলাৰ কেন্দ্ৰ হিচাপে বিকশিত হৈ আছে। যেনে কৰ্ণাটকৰ ৰামনগৰৰ চন্নাপাটনা, অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণাৰ কোণ্ডাপল্লী, তামিলনাডুৰ তাঞ্জৌৰ, অসমৰ ধুবুৰী, উত্তৰ প্ৰদেশৰ বাৰাণসী আদি।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আপুনি জানি আচৰিত হ’ব যে Global Toy Industry ৭ লাখ কোটি টকাৰো অধিক। ৭ লাখ কোটি টকাৰো অধিক এই বৃহৎ ব্যৱসায়ত ভাৰতৰ অংশ অতি কম। এতিয়া আপুনি ভাবক যে যিখন দেশৰ ইমান পৰম্পৰা আছে, বিবিধতা আছে, যুৱ আবাদী আছে, তেনেক্ষেত্ৰত পুতলাৰ বজাৰত তেওঁলোকৰ অংশীদাৰিত্ব ইমান ক’ম হ’লে ভাল লাগে জানো? পুতলা উদ্যোগ বৃহৎ। গৃহ উদ্যোগেই হওক, সৰু আৰু লঘু উদ্যোগেই হওক, MSMES–এ হওক, ইয়াৰ লগতে বৃহৎ উদ্যোগ আৰু নিজৰ উদ্যমো ইয়াৰ আওতালৈ আহে। ইয়াক আগবঢ়াই নিবলৈ দেশে মিলি কষ্ট কৰিব লাগিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে পুতলাৰ সৈতে আমি দুটা বস্তু কৰিব পাৰে – নিজৰ গৌৰৱশালী অতীতক নিজৰ জীৱনলৈ আকৌ আনিব পাৰো আৰু স্বৰ্ণিল ভৱিষ্যতলৈও গতি কৰিব পাৰো। মই ষ্টাৰ্টআপ বন্ধু, আমাৰ নতুন উদ্যোগীসকলক কওঁ – আহক পুতল বনাওঁ। এতিয়া সকলোৰে বাবে লোকেল পুতলাৰ বাবে ভোকেল হোৱাৰ সময়। আমি এনেকুৱা পুতলা বনাম, যিবোৰ পৰিৱেশৰ প্ৰতিও অনুকূল হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয় এতিয়া কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ যুগত কম্পিউটাৰ গেমৰো গুৰুত্ব বহুত। এই গেমসমূহ শিশুসকলেও খেলে, ডাঙৰেও খেলে। কিন্তু যিমানবোৰ গেম আছে, তাৰ অধিক সংখ্যকৰ থিম বাহিৰৰ। আমাৰ দেশত ইমান আইডিয়া আছে, কনচেপ্ট আছে, সমৃদ্ধশালী ইতিহাস আছে। আমি তাৰ ওপৰত গেম বনাব নোৱাৰোনে? মই দেশৰ যুৱ প্ৰতিভাসকলক কওঁ, আপোনালোকে ভাৰততে গেম বনাওক আৰু ভাৰতৰে গেম বনাওক। বিভিন্ন ধৰণৰ এপৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে মোদীয়ে। মোদীয়ে কয় আপুনিও এনেকুৱা কিবা এটা বনোৱাৰ বাবে অনুপ্ৰেৰিত হওক।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি