গাৰ্ড অফ অনাৰ এনে এক সন্মান হয় যি কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ আগমনত দিয়া হয়। উল্লেখনীয় যে, যেতিয়া কোনো এখন দেশৰ ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী ভাৰতলৈ আহে তেতিয়া তেওঁক গাৰ্ড অফ অনাৰ সন্মান দিয়া হয়। ইয়াৰ বাহিৰেও বহু VVIP অতিথিসকলকো এই সন্মান দিয়া হয়। সহজ অৰ্থত ক'বলৈ হ'লে ভাৰতীয় সশস্ত্ৰ সেনাৰ উদ্যোগত VVIPক সন্মানত বাবে গাৰ্ড অফ অনাৰৰ আয়োজন কৰা হয়। অৰ্থাৎ VVIP দেশ বা বিদেশ দুয়ো ঠাইৰ পৰা হ’ব পাৰে।
কোনে দিয়ে গাৰ্ড অফ অনাৰ সন্মান–১৯৪৭ চনত যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া দেশত তিনিওটা সেনাক লগ কৰি এটা বিশেষ গোট বনোৱা হৈছিল। এই গোটটোত স্থল সেনা, বায়ু সেনা আৰু নৌসেনাৰ ১০০ জন সেনাক অন্তৰ্ভুক্ত কৰা হৈছিল যাক ট্ৰাই চাৰ্ভিছ অফ গাৰ্ড কোৱা হয়। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত যি কেৱল ৰাষ্ট্ৰপতি ভৱন বা কেন্দ্ৰীয় সচিবালয়ত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, অন্য VVIPৰ আগমণৰ সময়তহে সষ্টম কৰা হয়।
কেনেকৈ দিয়া হয় গাৰ্ড অফ অনাৰ–চালাম দিয়াৰ সময়ত মুখ্য অতিথি এটা ডায়েচত থিয় হয় আৰু গাৰ্ডৰ কামাণ্ডৰজন অতিথিজনৰ ওচৰলৈ গৈ নিৰীক্ষণ কৰিবলৈ কয়। কামাণ্ডজনে বিশিষ্ট অতিথি জনক কয় যে, ‘শ্ৰীমান, মহোদয়, সন্মান গাৰ্ডে আপোনাৰ নিৰীক্ষণৰ বাবে উপস্থিত আছে।’

ইয়াৰ পাছতেই VVIPয়ে গাৰ্ডৰ নিৰীক্ষণ আৰম্ভ কৰে আৰু নিৰীক্ষণ শাৰীৰ দিশত আগবাঢ়ে। যিমানেই VVIP জন আগবাঢ়ে, সকলো গাৰ্ডে তেখেতৰ ফালে মুখ ঘূৰায়। এই সময়ত সকলো কামাণ্ডাৰে তেখেতৰ বাওঁফালে খোজ কাঢ়ে। নিৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত কামাণ্ডৰে VVIPক চেল্যুট দিয়ে। যেতিয়ালৈকে VVIP তাত উপস্থিত থাকে, তেতিয়ালৈকে গাৰ্ড সেই ঠাইৰ পৰা আঁতৰি নাহে বৰঞ্চ বিশ্ৰামৰ মুদ্ৰালৈও নাযায়। উল্লেখযোগ্য যে, ভাৰতৰ ৰাষ্ট্ৰপতিক ১৫০ জন সৈনিক আৰু প্ৰধানমন্ত্ৰীক ১০০ জন সৈনিকৰ গাৰ্ড অফ অনাৰ আগবঢ়োৱা হয়। ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ বাবে ১০০ জন আৰু অন্য VVIPক ৫০ জন গাৰ্ড অফ অনাৰ দিয়া হয়।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 15, 2022, 11:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|