নৱেম্বৰলৈ ৮০ কোটি লোকে পাব বিনামূলীয়া চাউল–দাইল, ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

News18 Assam | News18-Assam
Updated:June 30, 2020, 5:20 PM IST
নৱেম্বৰলৈ ৮০ কোটি লোকে পাব বিনামূলীয়া চাউল–দাইল, ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰীৰ আশ্বাস, ‘এনেকুৱা পৰিস্থিতি নাহে যে গৰীৱৰ ঘৰত চৌকা নজলিব।’

প্ৰধানমন্ত্ৰীৰ আশ্বাস, ‘এনেকুৱা পৰিস্থিতি নাহে যে গৰীৱৰ ঘৰত চৌকা নজলিব।’

  • Share this:
১ জুনৰ পৰা দেশত আৰম্ভ হ’ব আনলক–২। তাৰ পূৰ্বে আজি দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, দীপাৱলী পৰ্যন্ত অৰ্থাৎ আগন্তুক ৫ মাহলৈ অন্ন যোজনা অব্যাহত থাকিব।

প্ৰধানমন্ত্ৰীয়ে কয়, ‘বৰ্ষাকালত আমাৰ দেশত কৃষিকৰ্ম অধিক হয়। আৰু জুলাইৰ পিছত এটাৰ পিছত আনটো উৎসৱ আহে। এই সকলোৰে প্ৰতি লক্ষ্য ৰাখি দীপাৱলী আৰু ষটপূজা পৰ্যন্ত আমি অন্ন যোজনা চলাই নিম।’

প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰি –

১. সৰকাৰে আৰু ৫ মাহ গৰীৱ পৰিয়ালৰ সদস্যই প্ৰতি ৫ কেজি চাউল বা আটা দিব।
২. সেই পৰিয়ালৰ সদস্যসকলে পাব ১ কিলোগ্ৰামকৈ দাইলো।
৩. এই আঁচনি আগন্তুক ৫ মাহ থাকিব, চৰকাৰৰ খৰচ হ’ব ৯০ হাজাৰ কোটি টকা।
৪. মুঠ ৮০ কোটি মানুহ এই আঁচনিৰ জৰিয়তে উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীৰ আশ্বাস, ‘এনেকুৱা পৰিস্থিতি নাহে যে গৰীৱৰ ঘৰত চৌকা নজলিব।’
First published: June 30, 2020, 5:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading