ভাৰত–চীন সংঘৰ্ষ বিষম পৰ্যায়ত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান কৰিলে সৰ্বদলীয় বৈঠক

লাডাখত মোতায়েন কামাণ্ডাৰসকলক পৰিস্থিতি চাই কাম কৰাৰ নিৰ্দেশ জাৰি।
লাডাখত মোতায়েন কামাণ্ডাৰসকলক পৰিস্থিতি চাই কাম কৰাৰ নিৰ্দেশ জাৰি।
- News18 Assam
- Last Updated: June 17, 2020, 4:39 PM IST
প্ৰধানমন্ত্ৰীৰ অফিচৰ সূত্ৰত প্ৰকাশ পোৱা মতে, সীমান্তত সংঘৰ্ষৰ পৰিৱেশ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত ১৯জুন সন্ধিয়া ৫বজাত সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে প্ৰধানমন্ত্ৰীয়ে। বৈঠকত সকলো দলৰ সভাপতিয়ে অংশগ্ৰহণ কৰিব। বৈঠক ভাৰ্চুৱেল পদ্ধতিৰে হ’ব।
In order to discuss the situation in the India-China border areas, Prime Minister @narendramodi has called for an all-party meeting at 5 PM on 19th June. Presidents of various political parties would take part in this virtual meeting.
— PMO India (@PMOIndia) June 17, 2020
পূৱ লাডাখৰ গলৱান উপত্যকাত সোমবাৰে নিশা মৃত্যু হয় এজন কৰ্নেল সহ কমেও ২০জন সৈনিকৰ। এই খবৰৰ পিছতে দিল্লীত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। লাডাখত মোতায়েন কামাণ্ডাৰসকলক পৰিস্থিতি চাই কাৰ্য কৰাৰ নিৰ্দেশ দিয়া হৈছে। সেনাৰ তিনিওটা বাহিনীক অত্যন্ত কঠিন পৰিস্থিতিৰ কাৰণে সাজু হৈ থাকিবলৈ কোৱা হৈছে।