অন্যহাতেদি অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেন ৰিজিজুক কেবিনেট মৰ্যাদা প্ৰদান কৰা হ’ল । তেওঁ এতিয়া দেশৰ নতুন আইন আৰু ন্যায় মন্ত্ৰী
অৱশেষত অতি প্ৰত্যাশিত মোদী মন্ত্ৰী সভাৰ সালসলনি হ’ল । প্ৰায় ৭-৮বছৰৰ অন্তত অসমৰ পৰা কেবনেট মন্ত্ৰী হ’ল সৰ্বানন্দ সোণোৱাল । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাভ কৰিলে জাহাজ, জল পৰিবহন আৰু বন্দৰ মন্ত্ৰণালয় । লগতে তেওঁৰ অধীনত থাকিব AYUSH মন্ত্ৰণালয় ।
উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ টেলিক দিয়া হ’ল নতুন দায়িত্ব । এতিয়া তেওঁ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী । লগতে তেওঁক দিয়া হ’ল শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব । আগতে টেলি Food Processing বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিল ।
অন্যহাতেদি অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেন ৰিজিজুক কেবিনেট মৰ্যাদা প্ৰদান কৰা হ’ল । তেওঁ এতিয়া দেশৰ নতুন আইন আৰু ন্যায় মন্ত্ৰী । সুদীৰ্ঘ ৩০বছৰৰ অন্তত উত্তৰ পূৰ্বাঞ্চলৰ এজন সাংসদ আইন মন্ত্ৰী হৈছে । ইয়াৰ পূৰ্বে অগপ সাংসদ দীনেশ গোস্বামী আইন মন্ত্ৰী আছিল ।
এইবাৰ পোন প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সভাত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক মন্ত্ৰী অন্তৰ্ভুক্ত হৈছে । মোদী মন্ত্ৰী সভাত ৫জন উত্তৰ পূৰ্বাঞ্চলৰ মন্ত্ৰীয়ে স্থান পাইছে – তাৰে দুজন কেবিনেট মন্ত্ৰী আৰু তিনিজন ৰাজ্যিক মন্ত্ৰী । সৰ্বানন্দ সোণোৱাল আৰু কিৰেন ৰিজিজু কেবিনেট মন্ত্ৰী হোৱাৰ বিপৰীতে মণিপুৰৰ সাংসদ ৰাজকুমাৰ ৰঞ্জন সিং আৰু ত্ৰিপুৰাৰ সাংসদ প্ৰতিমা ভৌমিক ৰাজ্যিক মন্ত্ৰী হৈছে । তেলী পূৰ্বৰ পৰাই ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছিল ।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অসমৰ পৰা বিজয় কৃষ্ণ সন্দিকৈ কেবিনেট মন্ত্ৰী আছিল । তাৰ পূৰ্বে বীৰেণ বৈশ্য, সন্তোষ মোহন দেৱ, দীনেশ গোস্বামী, দেৱকান্ত বৰুৱা আদি কেবিনেট মন্ত্ৰী হৈছিল ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|