‘লাডাখ ভাৰতৰ সন্মানৰ প্ৰতীক’, ভাৰতীয় সেনাক প্ৰশংসা কৰি চীনক কঠোৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ

লাডাখত প্ৰধানমন্ত্ৰী মোদী
ভাৰতীয় সেনাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে,‘ভাৰতীয় সেনাই বছৰ বছৰ ধৰি বহু অত্যাচাৰ, আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দি আহিছে।
- News18 Assam
- Last Updated: July 3, 2020, 9:57 PM IST
সীমান্তত চীন ভাৰতৰ উত্তেজনা ক্ৰমাত্ বৃদ্ধি পোৱাৰ সময়তে, হঠাত্ লেহ-লাডাখত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সীমান্তৰ প্ৰকৃত পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে লাডাখত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সেনাৰ বিষয়াৰ সৈতে মত বিনিময় কৰে। হাস্পতাললৈ গৈ প্ৰধানমন্ত্ৰীয়ে চীনা সেনাৰ সৈতে হোৱা সংঘৰ্ষত আঘাত প্ৰাপ্ত সৈনিক সকলৰো স্বাস্থ্যৰ বুজ লয়।
#WATCH We are the same people who pray to the flute playing Lord Krishna but we are also the same people who idolise and follow the same Lord Krishna who carries the 'Sudarshana Chakra': PM Modi in Ladakh pic.twitter.com/lAqCjeXpqv
— ANI (@ANI) July 3, 2020
লাডাখত ভাৰতীয় সেনাই দেখুওৱা সাহসিকতাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘ভাৰতীয় বীৰ জোৱানে সাহস দেখুৱাইছে। সমগ্ৰ বিশ্বলৈও ভাৰতীয় সেনাৰ বীৰত্বৰ বাৰ্তা গৈছে। মই গালৱান উপত্যকাত শ্বহীদ হোৱা সেনা জোৱানক প্ৰণাম জনাইছো। আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰাৰ সংকল্প আপোনালোকৰ ত্যাগ, বলিদান, সাহসিকতাৰ জৰিয়তেই শক্তিশালী হ’ব। ভাৰত মাতাৰ শত্ৰুৱে আপোনালোকৰ বীৰত্ব দেখি শংকিত হৈছে।
Your courage is higher than the heights where you are posted today: Prime Minister Narendra Modi addressing soldiers in Ladakh pic.twitter.com/pLSpPsz45e
— ANI (@ANI) July 3, 2020
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, ‘ভাৰতে আজি জল, স্থল আৰু বায়ু সেনাৰ শক্তি বৃদ্ধি কৰিছে। আমাৰ একমাত্ৰ লক্ষ্য, মানৱ কল্যান। ভাৰতে আজি অত্যাধুনিক অস্ত্ৰ তৈয়াৰ কৰিছে। পৃথিৱীৰ সৰ্বাধুনিক প্ৰযুক্তি সেনাৰ বাবে অনা হৈছে। ভাৰতে অত্যাধুনিক পৰিকাঠোমো তৈয়াৰ কৰিছে। বিশ্বযুদ্ধই হওক বা শান্তিৰ প্ৰয়াস, সমগ্ৰ বিশ্বই আমাৰ সৈনিকৰ বীৰত্বৰ প্ৰমাণ পাইছে।