আমি CAA-NRC মানি নলও! অন্তিমবাৰ মোদীক ক’লে মমতাই, কি উত্তৰ মোদীৰ?

News18 Assam | News18-Assam
Updated:January 11, 2020, 6:23 PM IST
আমি CAA-NRC মানি নলও! অন্তিমবাৰ মোদীক ক’লে মমতাই, কি উত্তৰ মোদীৰ?
Source-Google

পশ্চিমবংগত প্ৰট’কলৰ খাতিৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে সাক্ষাৎকাৰ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

  • Share this:
দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শণিবাৰে কলকাতাত উপস্থিত হয়। কেবাটাও কাৰ্যসূচীৰে পশ্চিম বংগত উপস্থিত হোৱা মোদীৰ সৈতে মমতা বেনাৰ্জীয়ে সৌজন্যসূচক বৈঠকত ‘কা’ আৰু এনআৰচিৰ প্ৰসংগ উত্থাপন কৰে। আমি কোনো কাৰণতে এই আইন মানি নলও বুলি উল্লেখ কৰে মমতা বেনাৰ্জীয়ে। এইখনেই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এই সন্দৰ্ভত অন্তিম আলোচনা আখ্যা দিছে মমতা বেনাৰ্জীয়ে।



মমতা বেনাৰ্জীৰ এই প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, তেওঁ বৰ্তমান অন্য কাৰণত ৰাজ্যখনলৈ আহিছে আৰু এই সন্দৰ্ভত যদি মমতা বেনাৰ্জীয়ে কিবা আলোচনা কৰিব খোজে তেনেহ’লে তেওঁ সাক্ষাতৰ কাৰণে বেলেগকৈ দিল্লীলৈ আহিব পাৰে।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ সৈতে এই সাক্ষাৎকাৰৰ পিছতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তৃণমূল কংগ্ৰেছৰ ছাত্ৰগোটৰ দ্বাৰা আয়োজন কৰা চিএএ, এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে আয়োজন কৰা বিক্ষোভত উপস্থিত হয়।
First published: January 11, 2020, 6:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading