শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে তামিলনাডু, তেলেংগানা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত PM MITRA মেগা টেক্সটাইল পাৰ্ক স্থাপন কৰা হ’ব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ যোগে কয়, ''এইটো জনাবলৈ পাই সুখী যে, PM MITRA মেগা টেক্সটাইল পাৰ্কে 5F (ফাৰ্ম টু ফাইবাৰ টু ফেক্টৰী টু ফেশ্বন টু ফৰেইন) দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বস্ত্ৰ খণ্ডক উন্নীত কৰিব। তামিলনাডু, তেলেংগানা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাট, মধ্য় প্ৰদেশ আৰু উত্তৰ প্ৰদেশত PM MITRA মেগা টেক্সটাইল পাৰ্ক স্থাপন কৰা হ’ব।''
তেওঁ লগতে কয়, ''PM MITRA মেগা টেক্সটাইল পাৰ্কসমূহে বস্ত্ৰ খণ্ডৰ বাবে অত্যাধুনিক আন্তঃগাঁথনি প্ৰদান কৰিব, কোটি কোটি বিনিয়োগ আকৰ্ষণ কৰিব আৰু লাখ লাখ চাকৰিৰ সৃষ্টি কৰিব। ই হ'ব 'মেক ইন ইণ্ডিয়া' আৰু 'মেক ফৰ দ্য ৱৰ্ল্ড'ৰ এক ডাঙৰ উদাহৰণ।''
বস্ত্ৰ মন্ত্ৰালয়ে জনোৱা মতে, প্ৰডাকচন-লিংকড ইনচেণ্টিভৰ অধীনত বস্ত্ৰ উদ্যোগত এতিয়ালৈকে প্ৰায় ১,৫৩৬ কোটি টকাৰ বিনিয়োগ কৰা হৈছে।
আত্মনিৰ্ভৰ পৰিকল্পনাৰ অংশ হিচাপে ভাৰতীয় উৎপাদকসকলক বিশ্বব্যাপী প্ৰতিযোগিতামূলক কৰি তোলা, বিনিয়োগ আকৰ্ষণ কৰা, ৰপ্তানি বৃদ্ধি কৰা, বিশ্বৰ যোগান শৃংখলত ভাৰতক একত্ৰিত কৰা আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে চৰকাৰে বিভিন্ন খণ্ডত উৎপাদন সংযুক্ত প্ৰৰোচনা (পিএলআই) আঁচনি আৰম্ভ কৰে।
বস্ত্ৰ উদ্যোগৰ বাবে চৰকাৰে বস্ত্ৰশিল্পৰ আকাৰ আৰু পৰিসৰ লাভ কৰিবলৈ আৰু প্ৰতিযোগিতামূলক হ’বলৈ ১০,৬৮৩ কোটি টকাৰ অনুমোদিত আৰ্থিক ব্যয়ৰে এই আঁচনিখন আৰম্ভ কৰিছে।
বস্ত্ৰশিল্পৰ বাবে পিএলআই আঁচনিৰ অধীনত আবেদন পৰ্টেলৰ জৰিয়তে ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ২০২২ চনৰ ২৮ ফেব্ৰুৱাৰীলৈকে লাভ কৰা হৈছিল।
মুঠ ৬৭ খন আৱেদন লাভ কৰা হৈছে আৰু সচিব (টেক্সটাইলছ)ৰ অধ্যক্ষতাত বাছনি সমিতিয়ে ৬৪ গৰাকী আৱেদনকাৰীক বাছনি কৰিছে।
ইয়াৰে ৫৬ জন আবেদনকাৰীয়ে নতুন কোম্পানী গঠনৰ বাবে বাধ্যতামূলক মাপকাঠী সম্পূৰ্ণ কৰিছে, আৰু তেওঁলোকক অনুমোদন পত্ৰ প্ৰদান কৰা হৈছে বুলি বিভাগটোৰ বছৰৰ শেষৰ পৰ্যালোচনাত মন্ত্ৰালয়ে জনায়।
ইয়াৰ উপৰিও চৰকাৰে ২০২৭-২৮ চনলৈকে ৪,৪৪৫ কোটি টকা ব্যয়ৰে বিশ্বমানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৭ (সাতটা) পিএম মেগা ইন্টিগ্ৰেটেড টেক্সটাইল ৰিজিঅ’ন এণ্ড এপাৰেল (পিএম মিট্ৰা) পাৰ্ক স্থাপনৰ অনুমোদন জনাইছিল।
বছৰৰ শেষৰ পৰ্যালোচনাত মন্ত্ৰালয়ে কয় যে, "আঁচনিখনৰ সন্দৰ্ভত নিৰ্দেশনাসমূহ প্ৰকাশ কৰা হৈছে আৰু প্ৰস্তাৱ আমন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰসমূহৰ সৈতে একাধিক পাৰস্পৰিক ক্ৰিয়া-কলাপ হৈছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ১৩খন ৰাজ্যৰ পৰা ১৮টা প্ৰস্তাৱ লাভ কৰা হৈছে।"
Published by: Subham Goswami
FIRST PUBLISHED : March 17, 2023, 18:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|