உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • PM Narendra Modi: ''ভাৰতে কোভিডৰ ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰি যাব''- কোভিড–১৯ক লৈ দ্বিতীয় ভাৰ্চুৱেল গ্লোবেল সন্মিলনত ক'লে নৰেন্দ্ৰ মোদীয়ে

    PM Narendra Modi: ''ভাৰতে কোভিডৰ ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰি যাব''- কোভিড–১৯ক লৈ দ্বিতীয় ভাৰ্চুৱেল গ্লোবেল সন্মিলনত ক'লে নৰেন্দ্ৰ মোদীয়ে

    এই সন্মিলনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ দ্বাৰা আয়োজন কৰা হৈছিল।

    এই সন্মিলনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ দ্বাৰা আয়োজন কৰা হৈছিল।

    এই সন্মিলনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ দ্বাৰা আয়োজন কৰা হৈছিল।

    • Share this:
    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কোভিড–১৯ৰ ওপৰত অনুষ্ঠিত দ্বিতীয় ভাৰ্চুৱেল গ্লোবেল সন্মিলনত ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে কোভিড মহামাৰীয়ে জীৱনযাত্ৰা ব্যাহত কৰিছিল। সমগ্ৰ বিশ্বই কোভিড মহামাৰীৰ বাবে সংকটৰ সন্মুখীন হৈছিল। ভাৰতৰ কথা উল্লেখ কৰি তেওঁ কয়– ''আমি মহামাৰীৰ বিৰুদ্ধে জনকেন্দ্ৰিক ৰণনীতি গ্ৰহণ কৰিছোঁ। ভাৰতে বিশ্বৰ সৰ্ববৃহৎ কোভিড টিকাকৰণ কাৰ্যসূচী চলাইছে। আজি আমি দেশৰ প্ৰায় ৯০ শতাংশ প্ৰাপ্তবয়স্কক টিকাকৰণ কৰিছোঁ।''

    তেওঁ কয় যে "ভাৰতত আমি আমাৰ পৰম্পৰাগত ঔষধ ব্যৱহাৰ কৰি কোভিডৰ বিৰুদ্ধে আমাৰ যুঁজত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰোঁ। যোৱা মাহত আমি বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিলোঁ, যাৰ উদ্দেশ্য আছিল এই জ্ঞান বিশ্বৰ বাবে উপলব্ধ কৰা।''

    তেওঁ লগতে বিশ্ব সম্প্ৰদায়ৰ এজন দায়িত্বশীল সদস্য হিচাপে ভাৰতে কোভিডৰ ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰি যাব বুলি উল্লেখ কৰে৷

    এই সন্মিলনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ দ্বাৰা আয়োজন কৰা হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে মহামাৰী প্ৰতিৰোধৰ ফলত উদ্ভৱ হোৱা উত্তেজনা বা অস্থিৰতাৰ বিষয়ত নিজৰ মতামত আগবঢ়ায়। সন্মিলনখনে মুখ্যতঃ দুটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰথমটো হ'ল বিশ্ব সম্প্ৰদায়ে কেনেদৰে কৰোনা ভাইৰাছ মহামাৰীৰ সৈতে মোকাবিলা কৰিব আৰু বিশ্বই এনেধৰণৰ আন যিকোনো মহামাৰীৰ বাবে প্ৰস্তুত হোৱাটো নিশ্চিত কৰিব।

    উল্লেখ্য যে কোৰোনাৰ দুবছৰৰো অধিক সময় হ'ল যদিও পৃথিৱীখন ইয়াৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হোৱা নাই। চীনৰ উহানৰ পৰা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পিছত ই আকৌ এবাৰ বেইজিং, ছাংহাইৰ দৰে চহৰত ধ্বংসযজ্ঞ চলাইছে।
    Published by:Gautam Barman
    First published: