আজি সন্ধিয়া দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশত কোৰোণা ভাইৰাছৰ প্ৰকোপৰ পিছত এয়া মোদীৰ সপ্তমবাৰ দেশবাসীক সম্বোধন। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘জনতা কাৰ্ফিউৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে আমি দীঘলীয়া যাত্ৰা অতিক্ৰম কৰিছো। সময়ৰ সৈতে আৰ্থিক গতিবিধিও দ্ৰুতগতিত বৃদ্ধি পাইছে। আমাৰ অধিকাংশ লোকে নিজৰ দায়িত্ব পালনৰ বাবে, পুনৰ জীৱনক গতি দিয়াৰ বাবে দৈনিক ঘৰৰ পৰা বাহিৰলৈ ওলাইছে। উৎসৱৰ এই বতৰত বজাৰতো লাহে লাহে উজ্জ্বলতা ঘূৰি আহিছে। কিন্তু আমি পাহৰিব নালাগে যে লকডাউন শেষ হৈছে যদিও কোৰোণা ভাইৰাছ এতিয়াও শেষ হোৱা নাই। বিগত ৭–৮ মাহত প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰয়াসৰ জৰিয়তে আজি ভাৰত যিটো প্ৰতিৰোধ স্তৰত উপনীত হৈছে, সেয়া পৰিব দিব নালাগিব।’
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আন দেশৰ তুলনাত ভাৰতত প্ৰতি ১০ লাখ জনসংখ্যাত বহু কম কোৰোণা সংক্ৰমণৰ ঘটনা ঘটিছে। আজি দেশত ৰিক’ভাৰী ৰেট বহু ভাল, মৃত্যুৰ হাৰ কম। বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰৰ তুলনাত ভাৰতে বহু নাগৰিকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে। কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত টেষ্টৰ বৰ্ধিত হাৰ আমাৰ এক ডাঙৰ শক্তি।
মোদীয়ে কয়, ‘সেৱাই পৰম ধৰ্মৰ মন্ত্ৰ সাৰোগত কৰি আমাৰ চিকিৎসক, নাৰ্ছ, স্বাস্থ্য কৰ্মীসকলে নিশ্বাৰ্থভাৱে সেৱা আগবঢ়াই আছে। এই সকলো প্ৰয়াসৰ মাজত এই সময় দায়িত্বহীন হোৱাৰ সময় নহয়। এই সময় কোৰোণা গ’ল বুলি ভাবি লোৱাৰ বা কোৰোণাৰ ভয় এতিয়া আৰু নাই বুলি মানি লোৱাৰ সময় নহয়।
মোদীয়ে কয় যে যদি যদিহে আপুনি দায়িত্বহীন কাম কৰিছে, মাস্ক নোহোৱাকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাইছে, তেন্তে আপুনি আপোনাক, আপোনাৰ পৰিয়ালক, পৰিয়ালৰ শিশু–বয়োজ্যেষ্ঠসকলক ডাঙৰ সংকটত পেলাইছে। মনত ৰাখিব, আজি আমেৰিকাই হওক বা ইউৰোপৰ আন দেশেই হওক, এই দেশসমূহত কোৰোণাৰ ঘটনা কমি আছিল, কিন্তু হঠাৎ পুনৰ বাঢ়িবলৈ ল’লে।
মোদীয়ে কয় যে যেতিয়ালৈ কোৰোণাৰ ভেকচিন নাহে, তেতিয়ালৈ আমাৰ যুঁজখন কমজোৰ হ’বলৈ দিব নালাগিব। শেহতীয়াকৈ বহু ফটো বা ভিডিঅ’ দেখিবলৈ পাইছো, য’ত বহু লোকে সাৱধানতা অৱলম্বন কৰিবলৈ বাদ দিছে। এয়া উচিত নহয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|