মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»মোদীক উচ্চ প্ৰশংসা শিৱসেনাৰ, শিৱসেনাৰ মুখপত্ৰ "সামানা"ত প্ৰধানমন্ত্ৰী মোদীৰ সমৰ্থনত প্ৰবন্ধ

মোদীক উচ্চ প্ৰশংসা শিৱসেনাৰ, শিৱসেনাৰ মুখপত্ৰ "সামানা"ত প্ৰধানমন্ত্ৰী মোদীৰ সমৰ্থনত প্ৰবন্ধ

News18 Assam | News18-Assam
Updated:September 19, 2021, 2:35 PM IST
মোদীক উচ্চ প্ৰশংসা শিৱসেনাৰ, শিৱসেনাৰ মুখপত্ৰ
অমিত শ্বাহৰ বাবেই বিজেপি আৰু শিৱসেনাৰ ২৫ বছৰীয়া সম্পৰ্কৰ অৱনতি ঘটা বুলি উল্লেখ

অমিত শ্বাহৰ বাবেই বিজেপি আৰু শিৱসেনাৰ ২৫ বছৰীয়া সম্পৰ্কৰ অৱনতি ঘটা বুলি উল্লেখ

  • News18 Assam
  • Last Updated: September 19, 2021, 2:35 PM IST
  • Share this:

শিৱসেনা আৰু বিজেপিৰ মাজত মিত্ৰতা ভংগৰ পিছত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা কৰিলে শিৱসেনাই। শিৱসেনাৰ মুখপত্ৰ 'সামানা'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি বিজেপিৰ সফলতাৰ প্ৰকৃত উত্তৰাধিকাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুলি উল্লেখ কৰে।


মোদীৰ জন্মদিন উপলক্ষে 'সামানা'ত প্ৰকাশিত এটি প্ৰবন্ধত উল্লেখ কৰা অনুসৰি, বিগত কিছুদিন ধৰি মোদীয়ে যথেষ্ট সবল পদক্ষেপ লৈছে আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে ভাল প্ৰস্তুতি কৰিছে। ইয়াৰ বিপৰীতে প্ৰবন্ধটিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সমালোচনাৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। আনকি ২৫বছৰৰ পুৰণি সংগী শিৱসেনাৰ সৈতে বিজেপিৰ বিচ্ছেদৰ মূল কাৰণো অমিত শ্বাহ বুলি উল্লেখ কৰা হৈছে প্ৰবন্ধটিত।


ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈ কোনো শক্তিশালী নেতা বিজেপিত নাই বুলিও প্ৰবন্ধটিত উল্লেখ কৰা হৈছে। শিৱসেনাই আওপকীয়াকৈ অমিত শ্বাহক কটাক্ষ কৰি কৈছে, মোদী অবিহনে বিজেপিৰ ডাঙৰ নেতাকেইজনে পৌৰসভাৰ নিৰ্বাচনতো দলটোক জয়ী কৰাব নোৱাৰে।



 আনহাতে শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে 'সামানা'ত দিয়া বক্তব্য অনুসৰি, বিজেপিয়ে এতিয়া বিপৰ্যয় ৰোধ কৰাৰ চেষ্টা কৰি আছে। অমিত শ্বাহৰ নেতৃত্বত  পশ্চিমবংগ, তামিলনাডু আৰু কেৰালাত বিধ্বস্ত হোৱা বিজেপিক পুনৰ শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে মোদীয়ে। সভাপতি জে পি নড্ডাক লগত লৈ মোদীয়ে এতিয়া পুনৰ দলটোক শক্তিশালী কৰাৰ চেষ্টাত ব্ৰতী হৈছে।


ৰাউতে লগতে কয়, প্ৰথম অৱস্থাত অমিত শ্বাহে যিকোনো ৰাজ্যতে বিজেপিক জয়ী কৰাব পাৰে বুলি প্ৰচাৰ চলাইছিল, পিছে খোদ মহাৰাষ্ট্ৰতে বিজেপি পৰাজিত হৈছিল আৰু শিৱসেনা-বিজেপিৰ ২৫বছৰীয়া সম্পৰ্কৰো বিচ্ছেদ কেৱল অমিত শ্বাহৰ বাবেই হৈছিল।

Published by: Gautam Barman
First published: September 19, 2021, 2:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি