কেন্দ্ৰত দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিল এন ডি এ চৰকাৰ। শাসনত অধিস্থিত হোৱাৰ পিছতে এতিয়া দেশত আৰম্ভ হৈছে মূল্যবৃদ্ধি।দেশত প্ৰতিদিনে পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ সমান্তৰাল ভাৱে এইবাৰ বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত বৃদ্ধি পাইছে ১.৩০ টকাকৈ। সেইদৰে ২৫ টকাকৈ বৃদ্ধি পাইছে প্ৰতিটো ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ মূল্য।
![]()
ইণ্ডিয়ান অইলৰ তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্যবৃদ্ধিৰ হোৱাৰ বাবেই বাঢ়িছে ৰন্ধন গেছৰ মূল্য। সেইদৰে ৰন্ধন গেছ ক্ৰয় কৰাৰ পিছত গ্ৰাহকৰ বেংক একাউণ্টত সোমাবলগীয়া চাবচিডি জুন মাহৰ পৰা ২৪০.১৩লৈ বৃদ্ধি কৰা হ’ব। চলিত বৰ্ষৰ মে মাহলৈকে এই চাবচিডিৰ পৰিমাণ আছিল ২১৬.৩৬ টকা। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১ মে’ত বৃদ্ধি পাইছিল LPG চিলিণ্ডাৰৰ দাম। শুক্ৰবাৰে পুণৰ দাম বৃদ্ধি হোৱাত ২০১৪ ৰ তুলনাত এতিয়ালৈকে ঘৰুৱা চিলিণ্ডাৰৰ দাম সৰ্বমুঠ ১০০ টকাতকৈ অধিক বৃদ্ধি পালে। ২০১৪ চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ সময়ত চিলিণ্ডাৰৰ দাম ৪১৪ টকা আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|