‘CAA–এ জাতিৰ পিতাৰ সপোন পূৰণ কৰিছে’, ৰাষ্ট্ৰপতিৰ অভিভাষণেৰে আৰম্ভ বাজেট অধিৱেশন

News18 Assam | News18-Assam
Updated:January 31, 2020, 1:33 PM IST
‘CAA–এ জাতিৰ পিতাৰ সপোন পূৰণ কৰিছে’, ৰাষ্ট্ৰপতিৰ অভিভাষণেৰে আৰম্ভ বাজেট অধিৱেশন
কাইলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট ২০২০।

কাইলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট ২০২০।

  • Share this:
আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন ২০২০। বাজেট অধিৱেশনৰ আৰম্ভনিৰ দিনা ৰাষ্ট্ৰপতিৰ অভিভাষণেৰে সদনৰ কাৰ্যসূচী আৰম্ভ হয়। বাজেট অধিৱেশনৰ প্ৰথম চৰণ ১১ ফেব্ৰুৱাৰীলৈ আৰু দ্বিতীয় চৰণ ২মাৰ্চৰ পৰা ৩এপ্ৰিললৈ চলিব। কাইলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট।

অভিভাষণত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত প্ৰৱল প্ৰতিবাদৰ কাৰণ হৈ পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোন এই সংশোধিত নাগৰিকত্ব আইনে পূৰণ কৰাৰ মন্তব্য ৰাষ্ট্ৰপতিৰ।

ৰাষ্ট্ৰপতিয়ে কয়, যিকোনো পন্থাৰ ব্যক্তিয়ে এই প্ৰক্ৰিয়াসমূহ পূৰ্ণ কৰি ভাৰতৰ নাগৰিক হ’ব পাৰে। শৰণাৰ্থীসকলক নাগৰিকত্ব দিয়াৰ কাৰণে দেশৰ কোনো ক্ষেত্ৰত বিশেষকৈ উত্তৰ পূৱত যাতে কোনো ধৰণৰ সাংস্কৃতিক কুপ্ৰভাৱ নপৰে তাৰ কাৰণে চৰকাৰে বহুকেইটা ব্যৱস্থা লৈছে। মই পাকিস্তানত সংখ্যলঘূসকলৰ ওপৰত হোৱা অত্যাচাৰক নিন্দা কৰো, কয় ৰাষ্ট্ৰপতিয়ে। ‘মই সুখী যে সংসদৰ উভয় সদনে নাগৰিকত্ব সংশোধনী আইন আনি জাতিৰ পিতা মহাত্মা গান্ধীৰ ইচ্ছা পূৰ্ণ কৰিছে। বিৰোধৰ নামত হিংসাই দেশক দুৰ্বল কৰিছে।’ ৰাষ্ট্ৰপতিয়ে কয়।

ৰামনাথ কোবিন্দে জাতিৰ পিতা মহাত্মা গান্ধীৰ মন্তব্য তুলি ধৰি কয়, ‘দেশ বিভাজনৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিক লৈ মহাত্মাই কৈছিল, পাকিস্তানৰ যিসকল হিন্দু আৰু শিখে তাত থাকিবলৈ বিচৰা নাই তেওঁলোক ভাৰতলৈ আহিব পাৰে, তেওঁলোকক স্বাভাৱিক জীৱন প্ৰদান কৰা ভাৰত চৰকাৰৰ দায়িত্ব।’

‘কা’ক লৈ ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণ বিৰোধীৰ হুলস্থুলীয়া পৰিস্থিতিৰ কাৰণে ৰখাই দিবলগীয়া হয়।

অভিভাষণত বিভিন্ন বিষয়বস্তু উপস্থাপন কৰা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয়, ‘আগন্তুক সময়তো আমি দেশৰ গৌৰৱশালী অতীতৰ পৰা প্ৰেৰণা লৈ দেশৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে সকলো সম্ভৱ প্ৰয়াস কৰিম আৰু নিজৰ প্ৰয়াসত সফলো হ’ম। আমি সকলোৱে মিলি নতুন ভাৰতৰ সপোন পূৰণ কৰিম। আমি সকলোৱে মিলি নতুন ভাৰত নিৰ্মান কৰিম। জয় হিন্দ!’

‘Neighbourhood First’ নীতিক গুৰুত্ব প্ৰদান কৰি ৰাষ্ট্ৰপতিয়ে কয় চুবুৰীয়া ৰাষ্ট্ৰৰ লগতে বিশ্বৰ অন্যান্য প্ৰান্তৰ দেশৰ সৈতেও আমাৰ সম্পৰ্ক আমি মজবুত কৰিব লাগিব। এই কাৰণতে বিভিন্ন দেশে নিজৰ নিজৰ সৰ্বোচ্ছ সন্মান ভাৰতক প্ৰদান কৰিছে। আছিয়ান আৰু আফ্ৰিকান দেশৰ সহযোগে আমাক নতুন শিখৰলৈ লৈ গৈছে। এনেকুৱা কাৰণতে সদনৰ প্ৰত্যেকজন সদস্যই নিজৰ সম্পূৰ্ণ ক্ষমতাৰে প্ৰয়াস কৰি লক্ষ্যস্থানত উপনীত হ’বলৈ চেষ্টা কৰিব লাগে। আমি মনত ৰখা উচিত যে যিকোনো বিচাৰধাৰাৰ নেতা বা সমৰ্থক হোৱাৰ পূৰ্বে আমি দেশৰ নাগৰিক। 

ৰাষ্ট্ৰপতিয়ে কয়, ‘মোৰ চৰকাৰে সন্ত্ৰাসবাদ ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ ল’বলৈ সুৰক্ষা বাহিনীক সম্পূৰ্ণ ৰেহাই দি থৈছে।’ তেওঁ সশস্ত্ৰ বাহিনীৰ শক্তি আৰু সামঞ্জস্য বৃদ্ধিৰ কাৰণে  Chief of Defence Staff - CDSৰ নিযুক্তি আৰু Department of Military Affairsৰ গঠনৰ কথাও কয়।

ৰাষ্ট্ৰপতিৰ ভাষণত চন্দ্ৰযান–২ৰ পৰা গগনযান–৩ আৰু ভাৰতৰ মহাকাশ ক্ষেত্ৰৰ গৱেষণাৰ প্ৰশংসাইও স্থান পায়।

Clean energyৰ ক্ষেত্ৰত ভাৰতে বিশ্বত গ্ৰহণ কৰা প্ৰভাৱশালী ভূমিকাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিয়ে কয়, এইবোৰ কাৰণতে এতিয়া দেশত এলপিজি কভাৰেজ ৫৫শতাংশৰ পৰা প্ৰায় ৯৭শতাংশ হৈছে। নমামী গংগে প্ৰকল্পৰ প্ৰশংসাও কৰি কোবিন্দে কয় যে এই প্ৰকল্পৰ অধীনত ৭হাজাৰ কোটি টকাৰ কাম সম্পূৰ্ণ হৈছে আৰু ২১হাজাৰ কোটি টকাৰ প্ৰজেক্টৰ কাম অগ্ৰগতিৰে চলি আছে।

ইয়াৰ উপৰিও চৰকাৰৰ বিভিন্ন উন্নয়নশীল কাম কাজ যেনে, দিল্লী–মীৰাট এক্সপ্ৰেছৱে তথা ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱেৰ নিৰ্মান, অট’মবাইল আৰু ৰে’লৱে ক্ষেত্ৰত মেক ইন ইণ্ডিয়াক দিয়া গুৰুত্বৰ পৰা Insolvency and Bankruptcy Codeৰ কাৰণে বেংক তথা অন্য সংস্থানৰ পৰা প্ৰায় চাৰে তিনি লাখ কোটি টকা উভতি অহাৰ প্ৰসংগই স্থান পায়। তেওঁ কয়, 2014ত ভাৰতত মোবাইল ফোন নিৰ্মাণ কৰা মাত্ৰ দুটা কোম্পানী আছিল আজি ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক ডাঙৰ মোবাইল ফোন নিৰ্মাতা দেশ।

৫ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি নিৰ্মানৰ ক্ষেত্ৰত ভাৰতৰ চৰকাৰ প্ৰতিবদ্ধ, এই কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি কোবিন্দৰ ভাষণত স্থান পালে মহিলাসকলৰ কাৰণে গ্ৰহণ কৰা বিভিন্ন ক্ষেত্ৰৰ চৰকাৰী আঁচনিয়েও।

 

ৰাষ্ট্ৰপতিৰ অভিভাষণত বড়ো শান্তি চুক্তি আৰু ব্ৰু শৰণাৰ্থীসকলক সংস্থাপন দিয়াৰ প্ৰসংগইও স্থান পায়।
আৰু চাওক
পৰৱৰ্তী বাতৰি