জম্মু–কাশ্মীৰত ছমাহৰ বাবে বৃদ্ধি কৰা হওক ৰাষ্ট্ৰপতি শাসন, লোকসভাত মন্তব্য অমিত শ্বাহৰ

২০১৮ চনৰ ডিচেম্বৰৰ পৰা জম্মু–কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈছিল যিটো ২০১৯ চনৰ জুলাইত অন্ত পৰিব।

News18-Assam
Updated:June 28, 2019, 1:07 PM IST
জম্মু–কাশ্মীৰত ছমাহৰ বাবে বৃদ্ধি কৰা হওক ৰাষ্ট্ৰপতি শাসন, লোকসভাত মন্তব্য অমিত শ্বাহৰ
amit shah
News18-Assam
Updated: June 28, 2019, 1:07 PM IST
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে লোকসভাত দাখিল কৰে জম্মু–কাশ্মীৰ সংৰক্ষণ বিধেয়ক। সৰ্বপ্ৰথমে জম্মু–কাশ্মীৰত ৰাষ্ট্ৰপতি শাসনৰ সময় বৃদ্ধি কৰাৰ প্ৰস্তাৱ ৰাখে অমিত শ্বাহে। তেওঁ কয় যে ২০১৮ চনৰ ডিচেম্বৰৰ পৰা জম্মু–কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈছিল যিটো ২০১৯ চনৰ জুলাইত অন্ত পৰিব। গৃহমন্ত্ৰীগৰাকীয়ে সদনক এই সময়সীমা আৰু ছমাহৰ বাবে বৃদ্ধি কৰাৰ বাবে অনুৰোধ জনায়।

অমিত শ্বাহে সদনত কয় যে ৰমজান আৰু অমৰনাথ যাত্ৰাৰ মাজত নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অসমৰ্থ। নিৰ্বাচন আয়োগে এই বছৰৰ শেষলৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। কেইবা দশক ধৰি এই মাহত নিৰ্বাচন হোৱা নাই।


এনে অৱস্থাত ৰাজ্যখনত আৰু ছমাহলৈ ৰাষ্ট্ৰপতি শাসন বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। সদনত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে আজি এই সদনৰ আগত মই দুটা প্ৰস্তাৱ লৈ উপস্থিত হৈছো। এটা হ’ল জম্মু–কাশ্মীৰত ৰাষ্ট্ৰপতি শাসনৰ সময় বৃদ্ধি কৰা হওক আৰু দ্বিতীয়টো জম্মু–কাশ্মীৰৰ সংবিধানৰ অনুচ্ছেদ ৫ আৰু ৯ৰ জৰিয়তে যি সংৰক্ষণৰ ব্যৱস্থা আছে তাৰ সংশোধন কৰা।
আৰু চাওক পৰৱৰ্তী বাতৰি