ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু (Draupadi Murmu) ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থী। ১৮ জুলাইত হ’বলগীয়া নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টী (BJP)য়ে ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। মঙলবাৰে দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত সংসদীয় ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত কৰাৰ পিছতে দলটোৱে মুৰ্মুৰ নাম ঘোষণা কৰে। সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi), প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah), বিজেপিৰ সভাপতি জে পি নাড্ডা আদি উপস্থিত থাকে।
উত্তৰ প্ৰদেশৰ পৰা দলিত নেতা ৰামনাথ কোবিন্দ (Ramnath Kovind)ৰ পিছত পূব ভাৰতৰ ওড়িশাৰ পৰা জনজাতীয় মুৰ্মুক বাছি লৈ ৰাষ্ট্ৰপতি নিৰ্বাচন (Presidential Election)ত বিজেপিয়ে যেন এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক বাৰ্তা প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি পদৰ বাবে দ্ৰৌপদী মুৰ্মুৰ নাম চুড়ান্ত হোৱাৰ পিছতে অভিনন্দন জনায়। ২০১৫ চনৰ পৰা ২০২১ চনলৈ ঝাৰখণ্ডৰ ৰাজ্যপাল আছিল দ্ৰৌপদী মুৰ্মু।
ইপিনে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধীয়ে মঙলবাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহা (Yashwant Sinha)ক তেওঁলোকৰ সৰ্বসন্মত প্ৰাৰ্থী হিচাপে চূড়ান্ত কৰে। সূত্ৰই জনোৱা মতে, দিল্লীত অনুষ্ঠিত বিৰোধীৰ বৈঠকত TMCয়ে যশৱন্ত সিনহাৰ নাম প্ৰস্তাৱ কৰিছিল য’ত কংগ্ৰেছ (Congress) আৰু সমাজবাদী পাৰ্টি (SP)কে ধৰি ১৮টা ৰাজনৈতিক দলে তেওঁৰ প্ৰাৰ্থীত্বত একমত পোষণ কৰিছিল।
Published by: Manjumoni Borah
First published: June 21, 2022, 21:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|