
ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল শেষ হ’ব ২৪ জুলাইত।
ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল শেষ হ’ব ২৪ জুলাইত।
ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব আগন্তুক ১৮ জুলাইত। ভাৰতৰ নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে ঘোষণা কৰে এই কথা। আয়োগে আৰু জনাইছে, ভোট গণনাৰ প্ৰয়োজনীয়তা আহিলে ২১ জুলাইত অনুষ্ঠিত হ’ব ভোটগণনা। ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল শেষ হ’ব ২৪ জুলাইত। ২০১৭ চনত বিজেপিয়ে দেশৰ সৰ্বোচ্চ এই পদৰ বাবে বিহাৰৰ তদানীন্তন ৰাজ্যপাল ৰামনাথ কোবিন্দক নিৰ্বাচিত কৰিছিল। উল্লেখযোগ্য যে নতুন ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ হ’ব ২৫ জুলাইত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|