• Home
  • »
  • News
  • »
  • nation
  • »
  • Presidential Election 2022 Result : আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল, ভোটগণনাৰ প্ৰস্তুতি আৰম্ভ

Presidential Election 2022 Result : আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল, ভোটগণনাৰ প্ৰস্তুতি আৰম্ভ

এইবাৰ ৰাষ্ট্ৰপতি পদৰ বাবে হোৱা নিৰ্বাচনত ৯৯ শতাংশৰো অধিক ভোটদান হৈছে।

এইবাৰ ৰাষ্ট্ৰপতি পদৰ বাবে হোৱা নিৰ্বাচনত ৯৯ শতাংশৰো অধিক ভোটদান হৈছে।

এইবাৰ ৰাষ্ট্ৰপতি পদৰ বাবে হোৱা নিৰ্বাচনত ৯৯ শতাংশৰো অধিক ভোটদান হৈছে।

  • Share this:




ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলক লৈ প্ৰস্তুতি আৰম্ভ হৈছে। মুঠ ৩১টা কেন্দ্ৰত হোৱা ভোটদানৰ পিছত বেলট বাকচ দিল্লীলৈ অনা হৈছে। সকলো বেলট বাচকৰ গণনা দিল্লীত হ’ব। ২১ জুলাই অৰ্থাৎ আজি পুৱাৰে পৰা ভোটগণনা আৰম্ভ হ’ব। দেশৰ প্ৰতিজন নাগৰিকে অপেক্ষা কৰিছে যে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব?

উল্লেখযোগ্য যে এইবাৰ ৰাষ্ট্ৰপতি পদৰ বাবে হোৱা নিৰ্বাচনত ৯৯ শতাংশৰো অধিক ভোটদান হৈছে। এনডিএৰ ফালৰ পৰা দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। আনহাতে, ইউপিএৰ সমৰ্থিত প্ৰাৰ্থী হ’ল যশৱন্ত সিনহা। বিগত ১৮ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল।

এই নিৰ্বাচনত ক্ৰছ ভোটিঙৰ খবৰো পোহৰলৈ আহিছিল। লগতে একাংশ সাংসদে স্বাস্থ্যজনিত অথবা ব্যক্তিগত কাৰণত ভোটদানৰ পৰা বিৰত আছিল। ইয়াৰ ভিতৰত বিজেপিৰ সাংসদসহ আন কেইবাটাও দলৰ সাংসদ আছে। বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত অন্ত পৰিব।



Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি