ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হ’ব পাৰে মণিপুৰত, ৰাজনৈতিক সংকট ক্ৰমাৎ তীব্ৰতৰ

News18-Assam
Updated:June 29, 2019, 1:44 PM IST
ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হ’ব পাৰে মণিপুৰত, ৰাজনৈতিক সংকট ক্ৰমাৎ তীব্ৰতৰ
ফটো উৎসঃইণ্টাৰনেট

NEDA ৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মাইও বিচাৰি পোৱা নাই সমাধান সূত্ৰ। প্ৰায় সকলো মণিপুৰৰ বিজেপি বিধায়কে এতিয়া বাহৰ পাতিছে নতুন দিল্লীত।

  • Share this:
পাৰ্থজ্যোতি বৰা, নিউজ18: বিসম্বাদেৰে জৰ্জৰ মণিপুৰৰ ৰাজনৈতিক সংকটৰ এই পৰ্যন্ত ওলোৱা নাই সমাধান সূত্ৰ। মণিপুৰ চৰকাৰৰ মন্ত্ৰী টি এইচ বিশ্বজিতে এৰি দিয়া নাই মুখ্যমন্ত্ৰী এন বীৰেন সিংহক আঁতৰোৱাৰ প্ৰচেষ্টা । তেওঁক সমৰ্থন কৰা বিধায়কৰে পুনৰ দিল্লীত বাহৰ পাতিছে বিসম্বাদী মন্ত্ৰী জনে । আনহাতে মুখ্যমন্ত্ৰীও তেওঁক সমৰ্থন কৰা বিধায়কৰে চকী ৰক্ষা কৰিবলৈ ঢাপলি মেলিছে দিল্লীলৈ । কেন্দ্ৰীয় বিজেপিও তৎপৰ হৈছে জুই নুমুৱাবলৈ । ইতিমধ্যে বিধানসভাৰ অধ্যক্ষ য়ামনাম খেমচান্দ আৰু উপ মুখ্যমন্ত্ৰী ৱাই জয়কুমাৰক তৎকালীনভাৱে তলব কৰিছে পাৰ্টী হাইকামাণ্ডে।

মুখ্যমন্ত্ৰী গৰাকীয়ে সমস্যা সমাধানৰ উদ্দেশ্যে ইম্ফলত বৈঠকৰ আহ্বান জনাইছিল । কিন্তু গৰিষ্ঠসংখ্যক বিধায়ক এই বৈঠকৰ পৰা আঁতৰি থাকিল ।

ৰাজনৈতিক বিশ্লেষকৰ মতে যদি সমস্যা সমাধান নহয় তেন্তে মণিপুৰৰ বিধান সভাক Suspended Animation ত ৰাখি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হব পাৰে ।
আৰু চাওক পৰৱৰ্তী বাতৰি