ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰিলে নিৰ্ভয়া কাণ্ডৰ দোষী অক্ষয়ৰ ক্ষমা আবেদন

News18 Assam | News18-Assam
Updated:February 6, 2020, 7:47 AM IST
ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰিলে নিৰ্ভয়া কাণ্ডৰ দোষী অক্ষয়ৰ ক্ষমা আবেদন
মুকেশে উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল যদিও সেই আবেদন খাৰিজ কৰিছিল ন্যায়ালয়ে।

মুকেশে উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল যদিও সেই আবেদন খাৰিজ কৰিছিল ন্যায়ালয়ে।

  • Share this:
বিশ্ব কঁপাই যোৱা নিৰ্ভয়া কাণ্ডৰ দোষী অক্ষয় ঠাকুৰৰ ক্ষমা আবেদন খাৰিজ কৰিলে ৰাষ্ট্ৰপতিয়ে। ইয়াৰ পূৰ্বে আন এজন দোষী বিনয় শৰ্মাৰ ক্ষমা আবেদনো ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে খাৰিজ কৰিছিল। আনহাতে, এই ঘটনাৰ দোষী মুকেশ সিঙৰ ক্ষমা আবেদন ১৭ জানুৱাৰীত খাৰিজ কৰা হৈছিল। ইয়াৰ পিছতে মুকেশে উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল যদিও সেই আবেদন খাৰিজ কৰিছিল ন্যায়ালয়ে।

উল্লেখযোগ্য যে নিৰ্ভয়া কাণ্ড সন্দৰ্ভত হাইক’ৰ্টৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। কেন্দ্ৰ আৰু দিল্লী চৰকাৰে হাইক’ৰ্টৰ সিদ্ধান্তৰ কিছু ঘণ্টা পিছতে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল, য’ত নিৰ্ভয়া কাণ্ডৰ সকলো দোষীক একেলগে ফাঁচি দিয়াৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছিল।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন কোৱা হৈছিল যে দোষীক বেলেগে বেলেগে ফাঁচি দিয়া হওক, কিয়নো মুকেশৰ ক্ষমা আবেদনসহ সকলো আইনী বিকল্প শেষ হৈছে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ এই আবেদন খাৰিজ কৰিছে আদালতে। এই সিদ্ধান্তৰ পিছতে এতিয়া নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ ফাঁচি শীঘ্ৰে হোৱাটো স্পষ্ট হৈ পৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি