• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘Rashtrapatni’ Row: 'ৰাষ্ট্ৰপত্নী' বিতৰ্কত উত্তাল দেশ, কংগ্ৰেছৰ অধীৰ ৰঞ্জনে অৱশেষত খুজিলে ক্ষমা

‘Rashtrapatni’ Row: 'ৰাষ্ট্ৰপত্নী' বিতৰ্কত উত্তাল দেশ, কংগ্ৰেছৰ অধীৰ ৰঞ্জনে অৱশেষত খুজিলে ক্ষমা

‘Rashtrapatni’ Row: কংগ্ৰেছ (Congress) সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে ইচ্ছাকৃতভাৱে মুৰ্মুক “ৰাষ্ট্ৰপত্নী” বুলি অভিহিত কৰা নাই বুলি ভুল স্বীকাৰ কৰিছে।

‘Rashtrapatni’ Row: কংগ্ৰেছ (Congress) সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে ইচ্ছাকৃতভাৱে মুৰ্মুক “ৰাষ্ট্ৰপত্নী” বুলি অভিহিত কৰা নাই বুলি ভুল স্বীকাৰ কৰিছে।

‘Rashtrapatni’ Row: কংগ্ৰেছ (Congress) সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে ইচ্ছাকৃতভাৱে মুৰ্মুক “ৰাষ্ট্ৰপত্নী” বুলি অভিহিত কৰা নাই বুলি ভুল স্বীকাৰ কৰিছে।

  • Share this:
কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী (Adhir Ranjan Chowdhury)য়ে বিতৰ্ক সৃষ্টি কৰাতো কোনো নতুন কথা নহয় আৰু প্ৰায়েই তিক্ত মন্তব্যৰে তেওঁৰ মুখ ভৰি থাকে। এইবাৰ তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (President Droupadi Murmu)ক “ৰাষ্ট্ৰপত্নী” বুলি অভিহিত কৰি যেন কদোৰ বাহতহে জুই দিলে – বিজেপিৰ সাংসদসকলে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰাত ৰাজ্যসভা স্থগিত ৰখা হয়।

নেশ্যনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী (Sonia Gandhi)ক সোধা-পোছা কৰাৰ প্ৰতিবাদত বলবৎকাৰী সঞ্চালকালয় (Enforcement Directorate)ৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদৰ সময়ত চৌধুৰীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক “ৰাষ্ট্ৰপত্নী” বুলি তীৰ্যক মন্তব্য কৰিছিল। তেওঁ কৈছিল, “হয়, আমি ৰাষ্ট্ৰপতিৰ ওচৰলৈ যাম। ভাৰতৰ ৰাষ্ট্ৰপতি, নহয় নহয়, সকলোৰে বাবে ৰাষ্ট্ৰপত্নী।”

কংগ্ৰেছ (Congress) সাংসদগৰাকীয়ে এয়া ভুল বুলি কৈছিল আৰু তেওঁ ইচ্ছাকৃতভাৱে মুৰ্মুক “ৰাষ্ট্ৰপত্নী” বুলি অভিহিত কৰা নাই বুলি ভুল স্বীকাৰ কৰিছে। ‘ৰাষ্ট্ৰপতিক অপমান কৰাৰ কথাও ভাবিব নোৱাৰোঁ। মাত্ৰ এটা ভুল আছিল। যদি ৰাষ্ট্ৰপতিৰ বেয়া লাগিল, মই ব্যক্তিগতভাৱে তেওঁক লগ কৰিম আৰু ক্ষমা বিচাৰিম। ইচ্ছা কৰিলে মোক ফাঁচী দিব পাৰে। মই শাস্তি পাবলৈ সাজু কিন্তু ছোনিয়া গান্ধীক কিয় এই ক্ষেত্ৰত টানি নিয়া হৈছে?” এইদৰে কয় অধীৰ ৰঞ্জন চৌধুৰীয়ে।

অধীৰ ৰঞ্জন চৌধুৰীৰ এই মন্তব্য কংগ্ৰেছৰ বাবে বুমেৰাং হৈ আহিল।  যিসময়ত ছোনিয়া গান্ধীক EDয়ে ধাৰাবাহিকভাৱে জেৰা কৰাৰ প্ৰতিবাদ হৈ আছে সেইসময়তে এই অবাঞ্চিত মন্তব্য কৰি কংগ্ৰেছৰে মুখ ক'লা কৰিলে অধীৰ ৰঞ্জন চৌধুৰীয়ে।
Published by:Manjumoni Borah
First published: