ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দান কৰিলে ৫ লাখ ১০০ টকা

মন্দিৰ নিৰ্মাণৰে জড়িত বহু ৰাজনৈতিক আৰু সামাজিক সংগঠনে দেশৰ বিভিন্ন প্ৰান্তত ধন সংগ্রহৰ কাৰ্যসূচী আৰম্ভ কৰিছে।
মন্দিৰ নিৰ্মাণৰে জড়িত বহু ৰাজনৈতিক আৰু সামাজিক সংগঠনে দেশৰ বিভিন্ন প্ৰান্তত ধন সংগ্রহৰ কাৰ্যসূচী আৰম্ভ কৰিছে।
- News18 Assam
- Last Updated: January 15, 2021, 3:52 PM IST
মন্দিৰ নিৰ্মাণৰে জড়িত বহু ৰাজনৈতিক আৰু সামাজিক সংগঠনে দেশৰ বিভিন্ন প্ৰান্তত ধন সংগ্রহৰ কাৰ্যসূচী আৰম্ভ কৰিছে। ধন সংগ্ৰহ কৰিবলৈ ১০টকা, ১০০ টকা আৰু ১০০০টকা কুপনৰ ব্যৱস্থা কৰা হৈছে। নির্মাণৰ কাৰণে কোনো ধৰণৰ চৰকাৰী সাহায্য আৰু ব্যক্তিগত প্ৰতিষ্ঠান আৰু বিদেশৰ পৰা ধন সংগ্ৰহ কৰা নহয় বুলি জানিব পৰা গৈছে। ২০,০০০ আৰু তাৰ অধিক মূল্যৰ ধনৰাশি চেক যোগে লোৱাৰ ব্যৱস্থা কৰিছে। ১৫ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী ২৭ ফেব্ৰুৱাৰীলৈ চলিব।
যোৱা আগষ্ট মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। ২০১৯ চনৰ নৱেম্বৰ মাহত তদানীন্তন দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত বহা এখন পাঁচজনীয়া বিচাৰপীঠে অযোধ্যা ভূমি বিবাদৰ সন্দৰ্ভত ৰায় প্ৰদান কৰি ৰাম মন্দিৰ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিছিল।