‘নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি ২৪ ঘণ্টাই বিনামূলীয়াকৈ কোৰোণা ৰোগীলৈ আগবঢ়াইছিল সেৱা’- প্ৰয়াত আৰিফৰ পত্নীৰ কাষত ৰাষ্ট্ৰপতি

News18 Assam | News18-Assam
Updated:October 17, 2020, 4:40 PM IST
‘নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি ২৪ ঘণ্টাই বিনামূলীয়াকৈ কোৰোণা ৰোগীলৈ আগবঢ়াইছিল সেৱা’- প্ৰয়াত আৰিফৰ পত্নীৰ কাষত ৰাষ্ট্ৰপতি
২৪ ঘণ্টাই কোৰোণা ৰোগীক আগবঢ়াইছিল সেৱা। শেষত কোৰোণাত আক্ৰান্ত হৈ সাৱটিলে মৃত্যু।

২৪ ঘণ্টাই কোৰোণা ৰোগীক আগবঢ়াইছিল সেৱা। শেষত কোৰোণাত আক্ৰান্ত হৈ সাৱটিলে মৃত্যু।

  • Share this:
জীৱনৰ শেষ সময়লৈকে কোৰোণা ৰোগীৰ বাবে উচৰ্গা কৰি দিছিল নিজৰ জীৱন। কিন্তু শেষত কোৰোণাত আক্ৰান্ত হৈয়ে সাৱটিলে মৃত্যু। লোকজনৰ নাম আৰিফ খান। দিল্লীত বিনামূলীয়া এম্বুলেন্স সেৱা শ্বহীদ ভগত সিং সেৱা দলত কাম কৰিছিল আৰিফ খানে। আনকি এম্বুলেন্সত হাস্পতাললৈ নিয়াৰ সময়ত কোনো ৰোগীৰ মৃত্যু হ’লে নিজৰ ধনেৰেই শেষকৃত্য কৰিছিল আৰিফ খানে। ৫৫ বছৰীয়া এই কোৰোণা যুদ্ধাক স্মৰণ কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও। কোৰোণা যুদ্ধা আৰিফৰ পত্নীক সন্মান জনাই ২ লাখ টকাৰ চেক প্ৰদান কৰে স্বয়ং ৰাষ্ট্ৰপতিয়ে।

চিলামপুৰৰ বাসিন্দা আৰিফে প্ৰায় ২০০ জন কোৰোণাত আক্ৰান্ত ৰোগীক কোনো পাৰিশ্ৰমিক নোলোৱাকৈ হাস্পতাললৈ লৈ গৈছিল। আৰু তাৰ মাজৰ যিকেইজনে মৃত্যুক আঁকোৱালি লৈছিল, তেওঁলোকক নিজৰ ধনেৰে অন্তিম সত্‍কাৰো কৰিছিল। নিজে মুছলমান ধৰ্মৰ লোক হোৱাৰ পিছতো বহু হিন্দু লোকৰো সত্‍কাৰ কৰিছিল আৰিফে। ২৪ ঘণ্টাই কোৰোণা ৰোগীক সেৱা আগবঢ়াই অৱশেষত নিজে কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছিল আৰিফে।



যোৱা ২ অক্টোবৰত আৰিফৰ স্বাস্থ্যৰ অৱনতি ঘটে। পৰীক্ষাৰ অন্তত দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰে। ১০ অক্টোবৰত দিল্লীৰ হিন্দু ৰাও হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰু সেই দিনাই মৃত্যু হয় লোকজনৰ। হৃদয়ৱান লোকজনৰ মৃত্যুত এতিয়া শোকাহত সকলো।

আৰিফ আছিল পৰিয়ালটোৰ একামাত্ৰ উপাৰ্জনকাৰী। মাহে ১৬ হাজাৰ টকাৰ দৰমহা লাভ কৰিছিল। ঘৰ ভাড়া দিবলগীয়া হৈছিল মাহে ৯ হাজাৰ। আৰিফৰ অকাল মৃত্যুৰ পিছত দুই পুত্ৰকলৈ বিধৱা পত্নীৰ এতিয়া পানীত হাঁহ নচঁৰা অৱস্থা।
Published by: Himangshu Bhuyan
First published: October 17, 2020, 4:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading