চলিত বছৰত ৩০ শতাংশ কমকৈ দৰমহা ল’ব ৰাষ্ট্ৰপতিয়ে, ব্যৱহাৰ নকৰে ১০ কোটি টকীয়া লিম’জীন, ভোজমেলত নাথাকে ব্যয়বহুল খাদ্য

News18 Assam | News18-Assam
Updated:May 15, 2020, 3:23 PM IST
চলিত বছৰত ৩০ শতাংশ কমকৈ দৰমহা ল’ব ৰাষ্ট্ৰপতিয়ে, ব্যৱহাৰ নকৰে ১০ কোটি টকীয়া লিম’জীন, ভোজমেলত নাথাকে ব্যয়বহুল খাদ্য
দেশৰ এনে অৰ্থনৈতিক বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ স্বয়ং ৰাষ্ট্ৰপতিয়ে হাতত লৈছে কিছু দৃষ্টান্তমূলক পদক্ষেপ ।

দেশৰ এনে অৰ্থনৈতিক বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ স্বয়ং ৰাষ্ট্ৰপতিয়ে হাতত লৈছে কিছু দৃষ্টান্তমূলক পদক্ষেপ ।

  • Share this:
কোৰোণা ভাইৰাছে এতিয়া ব্যপক ক্ষতি কৰিছে দেশৰ অৰ্থনীতি। দেশৰ এনে অৰ্থনৈতিক বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ স্বয়ং ৰাষ্ট্ৰপতিয়ে হাতত লৈছে কিছু দৃষ্টান্তমূলক পদক্ষেপ । কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ চলিত বছৰত দৰমহা ৩০ শতাংশ কমকৈ ল’ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

আনকি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অহা গণৰাজ্য দিৱসত ব্যৱহাৰ নকৰে লিম’জীন গাড়ী। ইতিমধ্যে ১০ কোটি টকা চৰকাৰী ধন ব্যয় কৰি এই গাড়ী খন ক্ৰয় কৰাৰ সকলো প্ৰক্ৰিয়া সমাপ্ত হৈছিল। আনহাতে ৰাষ্ট্ৰপতি ভৱনৰ ৰাজকীয় ভোজমেল সমূহতো ব্যয়বহুল খাদ্য  সম্ভাৰ পৰিবেশন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। প্ৰক্ৰিয়াটোৰে জড়িত ৰাষ্ট্ৰপতি ভৱনৰ এগৰাকী বিষয়াই জনাইছে কৰিছে এই কথা।

বৰ্তমান ৰাষ্ট্ৰপতি গৰাকীয়ে ‘Mercedes-Benz S Class (S600) Pullman Guard’ গাড়ী খন ব্যৱহাৰ কৰে । এই গাড়ী খন প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ কাৰ্যকালতে ক্ৰয় কৰা হৈছিল। এই গাড়ী খনৰ ইতিমধ্যে ম্যাদ উকলি গৈছে। ম্যাদ উকলি যোৱাৰ পাছত এই গাড়ীৰ মেৰামতিও এক ব্যয়বহুল প্ৰক্ৰিয়া। গতিকে প্ৰয়োজন হলে ব্যয়বহুল গাড়ী খন মেৰামতি নকৰি ৰাষ্ট্ৰপতিয়ে আন চৰকাৰী গাড়ী ব্যৱহাৰ কৰাৰো সম্ভাৱনা আছে ।

আনহাতে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা ৰাজকীয় ভোজমেল সমূহটো (বিশেষকৈ যি সমূহ আন দেশৰ ৰাষ্ট্ৰ প্ৰধানৰ কাৰণে আয়োজন কৰা হয়) ব্যয়বহুল খাদ্য নাৰাখিবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰপতিয়ে। অৱশ্যে কিছুদিন লৈকে কোনো ৰাষ্ট্ৰ প্ৰধানে ভাৰত ভ্ৰমণ নকৰে।
ৰাষ্ট্ৰপতি ভৱনত বন্ধ কৰি দিয়া হৈছে সকলো নিৰ্মাণৰ কাম। কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰণালয়ৰ অনুমোদনৰ পাছত ‘Central Public Works  Department’ - এ ৰাষ্ট্ৰপতি ভৱন পৰিসৰৰ গৃহ নিৰ্মাণ/মেৰামতি কাম বোৰ কৰে। এই কামত বৃহৎ অংকৰ এক চৰকাৰী ধন খৰচ কৰা হয় ।

লগতে ৰাষ্ট্ৰপতিয়ে সকলো ‘Divisional Head’ক ব্যয় সমূহ হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে । ৰাষ্ট্ৰপতি ভৱনত কৰ্মৰত এজন বিষয়াই জনোৱা মতে ৰাষ্ট্ৰপতি ভৱনৰ সকলো সাংস্কৃতিক কাৰ্য্যসূচী বাতিল কৰা হৈছে। মিউজিয়াম উন্নয়নৰ ধনো কৰ্তন নিৰ্দেশ দিয়া হৈছে। ৰাষ্ট্ৰপতিয়ে এৰাব নোৱাৰা ব্যয় সমূহ কৰিবলৈহে নির্দেশ দিছে ।

ৰাষ্ট্ৰপতি ইতিমধ্যে তেওঁ দৰমহাৰ পৰা ৫ লাখ টকা ‘PM Care Fund’ ত জমা কৰিছে । আনহাতে ৰাষ্ট্ৰপতি ভৱনত কৰ্মৰত বিষয়া সকলে ১৮ লাখ টকা প্ৰদান কৰিছে ।
First published: May 15, 2020, 3:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading